যোৰহাট: যোৰহাট জিলাত বান ক্ষয়- ক্ষতিৰ বৈজ্ঞানিক তথা ত্বৰান্বিত মূল্যায়ন (PDNA )-ৰ বাবে প্ৰস্তুত কৰা বিশেষ ডিজিটেল মোবাইল এপ্লিকেশ্বনৰ এক জিলা ভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচী আজি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে, কালি যোৰহাটৰ চিনামৰাস্থিত সন্মিলন কেন্দ্ৰ (Convention Centre)-ত অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিশেষ এপ্লিকেশ্বনটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ পাছত আজি তাৰে ধাৰাবাহিকতা হিচাপে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
উক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মী, টীয়ক সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী বিকাশ শইকীয়া আৰু তিতাবৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী ধীৰাজ গোৱালা বিশেষভাৱে উপস্থিত থাকে। ইয়াৰ উপৰিও যোৰহাটৰ জিলা আয়ুক্ত শ্ৰী জয় শিৱানী, তিতাবৰৰ সম-জিলা আযুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী প্ৰীতম কুমাৰ দাস, টীয়ক আৰু মৰিয়নিৰ সম-জিলা আয়ুক্ত ক্ৰমে শ্ৰী মগেন নৰহ আৰু শ্ৰী অভিজিৎ গগৈ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ জ্যেষ্ঠ উপদেষ্টা ড° সুৰজিৎ বৰুৱা, প্ৰকল্প প্ৰবন্ধক ড° মিৰ্জা ইৰশ্বাদ আৰু অভিযান্ত্ৰিক উপদেষ্টা প্ৰকৌশলী ৰাজেশ দত্ত উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে জিলা আযুক্ত শ্ৰী জয় শিৱানী দেৱে আদৰণি ভাষণ প্ৰদান কৰে। তেখেতে এই মোবাইল এপ টোৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে সঠিক আৰু সত্য তথ্য সংগ্ৰহৰ বাবে সকলোকে অত্যন্ত নিষ্ঠাৰে এই জৰীপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে তিনিওটা সমষ্টিৰ মাননীয় বিধায়কসকলেও দিহা-পৰামৰ্শমূলক তত্ত্ব গধুৰ বক্তব্য আগবঢ়ায়।
প্ৰশিক্ষণ কাৰ্য্যসূচীত তিতাবৰৰ সম-জিলা আয়ুক্ত শ্ৰী প্ৰীতম কুমাৰ দাসে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ মাধ্যমেৰে প্ৰথমে ৰাজ্যিক দুৰ্যোগ প্ৰশমন আৰু সঁহাৰি পুঁজি (SDRF)-ৰ নীতি-নিয়মসমূহ বিস্তৃতভাৱে বুজাই দিয়ে। পৰৱৰ্তী সময়ত তেওঁ এপ টোৰ ব্যৱহাৰিক প্ৰয়োগৰ ওপৰত অনলাইন আৰু অফলাইন মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষ প্ৰশিক্ষণ প্ৰদান কৰে। এই কাৰিকৰী প্ৰশিক্ষণ প্ৰদান প্ৰক্ৰিয়াত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া শ্ৰী ৰনী পি. ৰাজকুমাৰে সহযোগিতা আগবঢ়ায়।
আজিৰ এই প্ৰশিক্ষণ কাৰ্য্যসূচীত যোৰহাট জিলাৰ সকলো ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA)-ৰ ক্ষেত্ৰ বিষয়া আৰু বিভিন্ন বিদ্যালয়ৰ ৩০০ গৰাকীৰো অধিক শিক্ষক-শিক্ষয়িত্ৰী প্ৰশিক্ষাৰ্থী হিচাপে এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লয়।