চন্দনজ্যোতি বৰাঃ নিৰ্বাচন গ'ল চৰকাৰ গঠন হ'ল, কিন্তু ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ নহল। শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ‘উন্নয়ন’ৰ যিমানেই শ্ল'গান নিদিয়ক কিয়, আজিও ৰাজ্যৰ বহু দুৰ্গম অঞ্চলে উন্নয়নৰ মুখ দেখা নাই (Karbi Anglong Development)। ইয়াৰ এক জলন্ত উদাহৰণ হৈছে পূব কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এক বৃহৎ পাহাৰীয়া অঞ্চল।
নগাঁও জিলাৰ পুলিবাগানৰ নামনি অংশৰ পৰা কাৰ্বি পাহাৰৰ প্ৰায় ১০০০ ফুট উচ্চতালৈ উঠি গ’লে পোৱা যায় প্ৰায় ১৫খনকৈ গাঁও। কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে, স্বাধীনতাৰ ইমান বছৰৰ পাছতো এই গাঁওসমূহৰ ৰাইজে প্ৰাথমিক সুযোগ-সুবিধাসমূহৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। পাহাৰৰ ওপৰত অৱস্থিত হিদিচু চিকাৰী বে গাঁও, ৰংফাৰ গাঁও, আংজক লালুঙ গাঁও, চাম ভেটি, নালা চুক, থেৰে বাচা আৰু ইংতি গাৱঁকে ধৰি প্ৰায় ১৫খন গাঁৱৰ যাতায়তৰ বাবে কোনো সুচল পথ নাই।
বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত এই পাহাৰীয়া লোকসকলে আজিও পদব্ৰজে বাটকুৰি বাই নামনিলৈ নামি আহিবলগীয়া হয়। আনকি জৰুৰীকালীন চিকিৎসাৰ বাবেও খোজকাঢ়িয়েই হাস্পতাললৈ ঢাপলি মেলিবলগীয়া হয় স্থানীয় ৰাইজে। নিৰ্বাচন আহিলে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে ভৰি পৰেহি এই দুৰ্গম গাঁওসমূহত।
কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত এই পাহাৰীয়া গাঁও সমূহৰ ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ লবলৈ আহৰি নাপায় জনপ্ৰতিনিধিয়ে। নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে আংজক লালুঙ গাঁও আৰু ৰংফাৰ গাঁও সংযোগী দলংখন মেৰামতি কৰি দিয়াৰ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি ৰাইজক দিছিল যদিও নিৰ্বাচন পাৰ হোৱাৰ পিছত শাসকীয় পক্ষৰ কোনো এজনৰে এইসকল সাধাৰণ জনতালৈ মনত নপৰাৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰিছে ।
ফলত বৰ্তমান দুডালমান কাঠকে সাৰথি কৰি অতি বিপদসংকুলভাৱে ইপাৰ-সিপাৰ হ'বলগীয়া হৈছে আংজক লালুঙ আৰু ৰংফাৰ গাৱঁৰ ৰাইজ। এই ভগা দলঙেৰে কোনো যান-বাহন যাব নোৱাৰে, যাৰ বাবে কোনো লোক অসুস্থ হ’লে তেওঁলোকক দাংকোলা কৰি বা ভাৰ বান্ধি বহু দূৰলৈ কঢ়িয়াই নিব লগা হয়। উল্লেখ্য যে, পাহাৰৰ ওপৰৰ আন এখন গাঁও হিদিচু চিকাৰী বে গাঁৱৰো উন্নয়নৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ। প্ৰায় ২৫টা পৰিয়ালে বসবাস কৰা এই গাঁওখনত নাই কোনো বিশুদ্ধ খোৱাপানীৰ যোগান। গাঁওবাসীয়ে বাধ্য হৈ এক পৰিত্যক্ত কুঁৱাৰ পানী সেৱন কৰি আহিছে। খৰাঙত এই কুঁৱা শুকাই গ'লে স্থানীয় মহিলাই প্ৰায় আধা কিলোমিটাৰ দুৰ্গম পাহাৰীয়া পথ অতিক্ৰম কৰি জুৰিৰ পৰা পানী আনিবলগীয়া হয়।
ইয়াৰ উপৰি, এই ২৫টা দৰিদ্ৰ পৰিয়ালৰ এটাও পৰিয়ালে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী আৱাস গৃহ। চৰকাৰৰ ডিজিটেল ইণ্ডিয়া আৰু বিকাশৰ শ্ল'গানৰ মাজতে কাৰ্বি পাহাৰৰ এই ১৫খন গাঁৱৰ ৰাইজে যি কৰুণ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, সিয়েই প্ৰমাণ কৰে যে প্ৰকৃত উন্নয়ন এতিয়াও বহুত দূৰত। স্থানীয় ৰাইজে অনতিবিলম্বে পথ নিৰ্মাণ, খোৱাপানীৰ ব্যৱস্থা আৰু চিকিৎসালয়লৈ যোৱাৰ বাবে পকী দলং নিৰ্মাণ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ তথা অসম চৰকাৰক দাবী জনাইছে।
লগতে পঢ়কঃ জৰাজীৰ্ণ জুপুৰিত জীৱন সংগ্ৰাম দুটা দৰিদ্ৰ পৰিয়ালৰ