নগাঁও: মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মামা সম্বোধন কৰি এটি কণমানিৰ এখন বিশেষ পত্ৰ।


শ্রদ্ধাৰ মামা,

"মোৰ সেৱা গ্রহন কৰিব। যোৱা কিছুদিনত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত হোৱা বানপানীৰ খবৰবোৰ পেপাৰ, টি-ভি, মোবাইলত দেখি বৰ দুখ লাগিছে। ২৬ তাৰিখে দুলিয়াজানলৈ যাওতে শিৱসাগৰৰ বহু ঘৰ বাননানীৰ মাজত থকা দেখিছিলো। ৰাস্তাত ত্রিপালৰ তলত মোৰ দৰে বহু ল'ৰা-ছোৱালী, মাক-দেউতাক তথা ককা আইতাক থকা দেখা পাইছিলো।


তেওঁলোকৰ বাবে বাবে মোৰ নিজা সঞ্চয় পাত্রত যোৱা নবেম্বৰ মাহৰ পৰা জমা হোৱা টকাখিনি

"মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ" আমাৰ নগাঁৱৰ DC ছাৰৰ জড়িয়তে আগবঢ়ালোঁ।


আমাৰ দৰে ল'ৰা-ছোৱালীবোৰৰ বাবে এই টকাখিনি খৰচ কৰিবলৈ অনুৰোধ জনালো


আপোনাৰ আশির্বাদ আৰু মৰম বিছাৰিলো।” 


এইদৰেই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখনি পত্ৰ লিখি নিজৰ বাবে সঞ্চয় কৰা ধন উজনি অসমৰ বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে নগাঁৱৰ এটি কণমানিয়ে। পঞ্চম শ্ৰেণীত অধ্যয়নৰত কণমানিটিৰ নাম কিংকৰ খাটনিয়াৰ। ঘৰ নগাঁও জিলাৰ শিমলুগুৰিৰ কাছমাৰীৰ। 



উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত সংঘটিত ভয়াৱহ বানপানীয়ে বহু লোকৰ জীৱনলৈ নমাই আনিছে দুৰ্ভোগ। বানত ঘৰ-বাৰী হেৰুৱাই বহু পৰিয়ালে আশ্ৰয় লৈছে পথৰ কাষত অথবা অস্থায়ী শিবিৰত। এই কৰুণ দৃশ্যই কেৱল ডাঙৰ মানুহকেই নহয়, কোমল হৃদয়ৰ কণমানি শিশুৰ মনতো গভীৰভাৱে সঁহাৰি জগাই তুলিছে।

বানাক্ৰান্ত লোকসকলৰ দুখ-কষ্টৰ খবৰ সংবাদপত্ৰ, টেলিভিছন আৰু মোবাইল ফোনত দেখি গভীৰভাৱে মর্মাহত হৈছিল নগাঁও জিলাৰ শিমলুগুৰিৰ কাছমাৰীৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত কণমানি কিংকৰ খাটনিয়াৰ। বানপীড়িত লোকসকলৰ কষ্ট অনুভৱ কৰি নিজৰ সঞ্চয়ৰ ধন তেওঁলোকৰ সহায়ৰ বাবে আগবঢ়োৱাৰ সিদ্ধান্ত লয় কণমানিজনে।

বৃহস্পতিবাৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক সাক্ষাৎ কৰি কিংকৰে নিজৰ সঞ্চয়ৰ ধন জমা কৰি ৰখা সৰু বাকচটো জিলা আয়ুক্তৰ হাতত অৰ্পণ কৰে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখনি হৃদয়স্পৰ্শী পত্ৰ লিখি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধনখিনি প্ৰেৰণ কৰে।

মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত কণমানি কিংকৰে উল্লেখ কৰে যে, যোৱা কিছুদিন ধৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাৰ বানপানীৰ খবৰ পেপাৰ, টেলিভিছন আৰু মোবাইলত দেখি তেওঁৰ অত্যন্ত দুখ লাগিছিল। আনকি ২৬ জুলাইত দুলীয়াজানলৈ যোৱাৰ সময়ত শিৱসাগৰৰ বহু ঘৰ বানৰ পানীত ডুবি থকা দৃশ্যও তেওঁ নিজ চকুৰে দেখিছিল।

পথৰ কাষত ত্ৰিপালৰ তলত নিজৰ দৰে বহু ল’ৰা-ছোৱালী, তেওঁলোকৰ মাক-দেউতাক আৰু ককা-আইতাকসকলে আশ্ৰয় লৈ থকা দৃশ্যই কণমানিজনৰ মন গভীৰভাৱে স্পৰ্শ কৰিছিল। সেই দৃশ্য পাহৰিব নোৱাৰি তেওঁ নিজৰ সৰু সঞ্চয়ৰ ধনখিনি বানাক্ৰান্ত লোকসকলৰ বাবে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এটা কণমানি শিশুৰ এই সৰল অথচ মহানুভৱ সিদ্ধান্তই সকলোকে আবেগিক কৰি তুলিছে। নিজৰ সৰু সঞ্চয়ৰ ধন ব্যক্তিগত প্ৰয়োজনত খৰচ নকৰি দুৰ্যোগত বিপৰ্যস্ত হোৱা অচিনাকি লোকসকলৰ সহায়ৰ বাবে আগবঢ়াই কিংকৰে সমাজলৈ মানৱতা, সহমৰ্মিতা আৰু দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।

কণমানি কিংকৰৰ এই মহৎ পদক্ষেপে প্ৰমাণ কৰিলে যে সহায়ৰ মূল্য ধনৰ পৰিমাণত নহয়; বৰঞ্চ সহায়ৰ আঁৰত থকা আন্তৰিকতা, মমতা আৰু মানৱীয় অনুভূতিহে আটাইতকৈ ডাঙৰ। নিজৰ সঞ্চয়ৰ সৰু বাকচটোৰে বানাক্ৰান্ত লোকসকলৰ মুখত সামান্য হলেও হাঁহি বিৰিঙাবলৈ কৰা কিংকৰৰ এই প্ৰয়াস নিঃসন্দেহে সকলোৰে বাবে এক অনুপ্ৰেৰণাৰ কাহিনী।

নগাঁৱৰ এই কণমানি শিশুটিয়ে নিজৰ সৰলতাৰে যেন ৰাজ্যবাসীক এক গভীৰ বাৰ্তা দিলে—মানৱতাৰ বাবে সহায় কৰিবলৈ ধনী হোৱাৰ প্ৰয়োজন নাই; লাগিব কেৱল এখন সহানুভূতিশীল হৃদয়