নগাঁও: হাতত গীটাৰ লৈ কন্ঠশিল্পী সমাজৰ সৈতে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, শিল্পী সমাজৰ সৈতে ৰাজপথত হাতত গীটাৰ লৈ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গাইছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। মানুহৰ গীত গাই সংগ্ৰহ কৰিছে বান সাহাৰ্য।
অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ সময়ত দুৰ্গতিগ্ৰস্ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে “কণ্ঠশিল্পী অসম”ৰ উদ্যোগত “সুৰীয়া আহ্বান” শীৰ্ষক এক বিশেষ বান সাহায্য সংগ্ৰহ অভিযান আৰম্ভ কৰে নগাঁৱত। মানৱতা, সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি বৃহস্পতিবাৰে নগাঁও চহৰত এই বিশেষ সাহায্য অভিযানৰ উদ্দেশ্যে ৰাজপথলৈ ওলাই অহা শিল্পী সমাজৰ সৈতে উপস্থিত থাকে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।
বানৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু পৰিয়ালে ঘৰ-বাৰী, সা-সম্পত্তি আৰু জীৱিকাৰ উৎস হেৰুৱাই দুৰ্দশাগ্ৰস্ত হৈ পৰাৰ সময়তে কণ্ঠশিল্পী অসমৰ এই সময়োপযোগী পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সংগীতৰ মাধ্যমেৰে সমাজক একত্ৰিত কৰি বানপীড়িত লোকসকলৰ বাবে সাহায্য সংগ্ৰহ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত অসমৰ বহু বিশিষ্ট আৰু জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰে।
নগাঁও চহৰত অনুষ্ঠিত এই মানৱীয় কাৰ্যসূচীত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে। দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে “কণ্ঠশিল্পী অসম”ৰ এই ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে বান দুৰ্যোগৰ সময়ত সমাজৰ প্ৰতিটো স্তৰৰ লোক একত্ৰিত হৈ আগবাঢ়ি অহাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিল্পীসকলৰ এই মানৱীয় প্ৰচেষ্টাই বানাক্ৰান্ত লোকসকলৰ মনত আশাৰ সঞ্চাৰ কৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰে।
বিশিষ্ট কণ্ঠশিল্পী অনুপম শইকীয়া, কৃষ্ণমণি নাথ, ৰূপম ভূঞাকে ধৰি বহু সংখ্যক কণ্ঠশিল্পীয়ে এই বিশেষ অভিযানত অংশগ্ৰহণ কৰে। শিল্পীসকলে নগাঁও চহৰৰ বিভিন্ন পথত ৰাইজৰ পৰা বান সাহায্য সংগ্ৰহ কৰে। সংগীতৰ সুৰৰ মাজেৰে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হয়। শিল্পীসকলৰ এই অভিনৱ প্ৰচেষ্টাত নগঞা ৰাইজেও সহানুভূতি আৰু উদাৰতাৰে সঁহাৰি জনায়।
“সুৰীয়া আহ্বান” কেৱল সাহায্য সংগ্ৰহৰ এক কাৰ্যসূচী নহয়; ই হৈছে অসমৰ বানাক্ৰান্ত ৰাইজৰ প্ৰতি শিল্পী সমাজৰ সহমৰ্মিতা, দায়বদ্ধতা আৰু একাত্মবোধৰ এক শক্তিশালী প্ৰকাশ। সংগীতৰ শক্তিক মানৱ সেৱাৰ সৈতে সংযোগ ঘটাই কণ্ঠশিল্পীসকলে সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।
নগাঁওৰ পিছত এই সাহায্য অভিযানৰ দলটোৱে বোকাখাত আৰু যোৰহাটতো একে ধৰণে “ৰোড শ্ব’” অনুষ্ঠিত কৰি বান সাহায্য সংগ্ৰহ কৰিব। ইয়াৰ উপৰি, কাইলৈ শিৱসাগৰ জিলাৰ বেতবাৰীত বানপীড়িত লোকসকলৰ বাবে এক বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ কথাও উদ্যোগীসকলে জানিবলৈ দিছে। স্বাস্থ্য শিবিৰত প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা-সম্পৰ্কীয় সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে।
এই বিশেষ বান সাহায্য অভিযানৰ জৰিয়তে যোৰহাট, টীয়ক, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, শিমলুগুৰি, সোণাৰি আদি বানপ্লাবিত অঞ্চলৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ মাজত খাদ্যসামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী আৰু বিশেষভাৱে প্ৰয়োজনীয় ঔষধ-পত্ৰ বিতৰণ কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বানাক্ৰান্ত অঞ্চলসমূহৰ প্ৰকৃত প্ৰয়োজনীয়তা বিবেচনা কৰি সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ সময়ত “কণ্ঠশিল্পী অসম”ৰ “সুৰীয়া আহ্বান” অভিযান এক অনন্য মানৱীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে। শিল্পীসকলৰ কণ্ঠই এইবাৰ কেৱল বিনোদন বা সংগীতৰ সুৰেই নহয়, বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে একতা, সহমৰ্মিতা আৰু মানৱতাৰ আহ্বান কঢ়িয়াই আনিছে। সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সহযোগিতাৰে এই সাহায্য অভিযান অধিক সফল হ’ব আৰু দুৰ্দশাগ্ৰস্ত বানপীড়িত পৰিয়ালসমূহে কিছু সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।