নগাঁও: উজনি অসমৰ ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে এক বৃহৎ মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আহ্বানত সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী তথা সহৃদয় নাগৰিকসকলৰ সহযোগিতাৰে বানাক্ৰান্ত লোকসকলৰ বাবে বৃহৎ পৰিমাণৰ খাদ্যসামগ্ৰী আৰু অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী সংগ্ৰহ কৰি উজনি অসমলৈ প্ৰেৰণ কৰা হৈছে।
বানপীড়িত লোকসকলৰ খাদ্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মুঠ ৪ হাজাৰ কুইণ্টল চাউল, ১ হাজাৰ কুইণ্টল ডালি, ৫০ হাজাৰ লিটাৰ মিঠাতেল আৰু ২৫০ কুইণ্টল নিমখ সংগ্ৰহ কৰি প্ৰেৰণ কৰা হৈছে। এই খাদ্যসামগ্ৰীৰে প্ৰতিটো পেকেটত ৮ কিলোগ্ৰাম চাউল, ২ কিলোগ্ৰাম ডালি, ১ লিটাৰ মিঠাতেল আৰু আধা কিলোগ্ৰাম নিমখ অন্তৰ্ভুক্ত কৰি মুঠ ৫০ হাজাৰ খাদ্যসামগ্ৰীৰ পেকেট প্ৰস্তুত কৰি ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে।
খাদ্যসামগ্ৰীৰ লগতে বানপীড়িত লোকসকলৰ বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজনীয়তাৰ কথাও বিবেচনা কৰিছে নগাঁও জিলা প্ৰশাসনে। সেই অনুসৰি বানাক্ৰান্ত অঞ্চললৈ ৪ হাজাৰ কাৰ্টুন পানীৰ বটল প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰি বানত ঘৰ-বাৰী আৰু প্ৰয়োজনীয় সামগ্ৰী হেৰুৱাই অসহায় হৈ পৰা লোকসকলৰ বাবে দুখন ট্ৰাকভৰ্তি নতুন কাপোৰ আৰু বৃহৎ পৰিমাণৰ প্ৰয়োজনীয় ঔষধো প্ৰেৰণ কৰা হৈছে।
কেৱল খাদ্য, পানী, কাপোৰ আৰু ঔষধতে সীমাবদ্ধ নাথাকি বানত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহৰ দৈনন্দিন জীৱন পুনৰ গঢ়ি তোলাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। বানৰ ফলত ঘৰ-দুৱাৰ আৰু ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী হেৰুৱাই পেলোৱা পৰিয়ালসমূহৰ বাবে প্ৰায় তিনি লাখ টকাৰ বাচন-বৰ্তন ক্ৰয় কৰি সেইসমূহো বানাক্ৰান্ত অঞ্চললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।
নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আহ্বানত নগাঁৱৰ বহু বিশিষ্ট ব্যক্তি, বিভিন্ন সামাজিক আৰু স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠান, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু সাধাৰণ নাগৰিকে আৰ্থিক অনুদান আগবঢ়াই এই মানৱীয় সাহায্য অভিযানত অংশগ্ৰহণ কৰে। বিশেষকৈ নগাঁও লায়ন্স ক্লাবৰ লগতে বিভিন্ন অনুষ্ঠানে উল্লেখযোগ্য সহযোগিতাৰ লগতে ২০০ৰো অধিক ব্যক্তি এই সাহায্য অভিযানত সহায়ৰ হাত আগবঢ়ায়।
সমাজৰ বিভিন্ন স্তৰৰ লোকৰ স্বতঃস্ফূৰ্ত সহযোগিতা আৰু মানৱীয় দায়বদ্ধতাৰে সংগৃহীত এই সাহায্য সামগ্ৰীসমূহ উজনি অসমৰ বানপীড়িত লোকসকলৰ কাষত কিছু সকাহ কঢ়িয়াই অনাৰ আশা কৰা হৈছে। সংকটৰ এই কঠিন সময়ত নগাঁও জিলা প্ৰশাসনৰ এই উদ্যোগে কেৱল সাহায্য প্ৰদানেই নহয়, দুৰ্যোগত বিপৰ্যস্ত লোকসকলৰ প্ৰতি সমগ্ৰ সমাজৰ সহমৰ্মিতা, সংহতি আৰু মানৱীয় দায়বদ্ধতাৰ এক উজ্বল নিদৰ্শন দাঙি ধৰিছে।