নগাঁও: “নগাঁও চিকিৎসা মহাবিদ্যালয়ত ক্ৰমান্বয়ে উপলব্ধ হ’ব সকলো বিভাগৰ চিকিৎসা সেৱা। অন্য বহু ৰাজ্যৰ শ্ৰেষ্ঠ চিকিৎসা মহাবিদ্যালয়তকৈ উন্নত অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ আন্তগাঁথনি।” 


শণিবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰি এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহালৰ। 


ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালে শণিবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসা সেৱা, আন্তঃগাঁথনৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহালে। তেওঁ এই পৰিদৰ্শন কালত চিকিৎসালয়খনৰ স্বাস্থ্যসেৱাৰ গুণগত মান, চিকিৎসা শিক্ষাৰ পৰিৱেশ আৰু চলি থকা উন্নয়নমূলক কামসমূহৰ অগ্ৰগতিৰ সামগ্ৰিক মূল্যায়ন কৰে। 


মন্ত্ৰী গৰাকীয়ে এই সময়চোৱাত নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বৰহমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ পঞ্চম কুমাৰ বৰা আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক আৰু জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে ইয়াৰ চিকিৎসা সেৱাৰ সামগ্ৰিক মান, আন্তঃগাঁথনিৰ উপলব্ধতাকে ধৰি বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে চিকিৎসাধীন ৰোগী আৰু ৰোগীৰ অভিভাৱকসকলৰ সৈতেও মত-বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা, সমস্যাসমূহ আৰু চিকিৎসাসেৱা সম্পৰ্কে বুজ লয়। চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মখত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়, “চিকিৎসা মহাবিদ্যালয় খনৰ আৰু উন্নয়ন হ’ব । কিন্তু কিছু সময়ৰ প্ৰয়োজন হ’ব। ক্ৰমান্বয়ে সকলো বিভাগৰ সেৱা উপলব্ধ কৰাব পৰিকল্পনা আছে।” 


ৰোগীসকলে যাতে সময়মতে উন্নত, মানসম্পন্ন আৰু সুলভ স্বাস্থ্যসেৱা লাভ কৰে, সেইটো নিশ্চিত কৰিবলৈ তেওঁ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।