নগাঁও : নগাঁও জিলা প্ৰশাসনে যান-বাহনৰ অবৈধ পাৰ্কিংৰ বিৰুদ্ধে পাৰ্কিং লক লগোৱাকে ধৰি কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে সজাগতামূলক অভিযান তীব্ৰতৰ কৰি তোলাৰ ফলস্বৰূপে আজি সামৰণি পৰা জুলাই মাহটোত যোৱা মাহৰ তুলনাত দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জিলা পথ সুৰক্ষা সমিতিৰ মাহেকীয়া বৈঠকত প্ৰকাশিত তথ্য অনুসৰি যোৱা জুন মাহত জিলাখনত সংঘটিত ১১৮ টা দুৰ্ঘটনাৰ পৰিবৰ্তে জুলাই মাহটোত সংঘটিত হৈছে ৮৪ টা দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত আৰু আহত লোকৰ পৰিসংখ্যা জুন মাহৰ ২২ আৰু ১৫৮ ৰ পৰা চলিত মাহটোত কমি হৈছেগৈ যথাক্ৰমে ১৩ আৰু ৯২ জন।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সভাত এই প্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰিও কয় যে, দুৰ্ঘটনাত এজন লোকৰো প্ৰাণহানি হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। সেয়ে আমাৰ লক্ষ্য হ'ব লাগিব জিলাখনক সম্পূৰ্ণ দুৰ্ঘটনা মুক্ত অথবা ন্যুনতম দুৰ্ঘটনা সংঘটিত জিলালৈ উন্নীত কৰিব পৰাটো। তাৰ বাবে তেওঁ পৰিবহন বিভাগক যান-বাহন আইন মানি চলাৰ সম্পৰ্কত সজাগতা অভিযান চলোৱাৰ সমান্তৰালভাৱে আইন অমান্যকাৰীৰ বিৰুদ্ধে সময়ে সময়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ আন্ত:গাঠনি উন্নয়ন নিগম আৰু লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাই কতৃপক্ষক ইয়াৰ সঠিক মেৰামতি, পদচিহ্ন দিয়া, যথাস্থানত প্ৰতিফলক লগোৱা আদি সুৰক্ষা মূলক ব্যৱস্থা সঠিকভাৱে গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।
ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাক আদি ডাঙৰ ব্যৱসায়িক গাড়ীৰ বিৰুদ্ধে যানবাহন আৰক্ষীক অধিক তৎপৰ হোৱাৰো তেওঁ পৰামৰ্শ আগবঢ়ায়। সভাত যোৱা মাহটোত জিলাখনত সংঘটিত প্ৰতিটো দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয় আৰু এই ক্ষেত্ৰত পালনীয় কৰ্তব্যৰ বিষয়েও আলোচনা কৰা হয়, যাতে ভৱিষ্যতে তাৰ পুণৰাবৃত্তি হোৱাৰ আশংকা হ্ৰাস পায়।
সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক আবুতানি পেগু, জিলা পৰিবহণ বিষয়া সীমান্ত বৰাৰ উপৰিও লোক নিৰ্মাণ পথ সংমণ্ডলসমূহৰ কাৰ্যবাহী অভিযন্তাসকল, ৰাষ্ট্ৰীয় ঘাই আন্ত:গাঠনি উন্নয়ন নিগমৰ প্ৰতিনিধি, নিৰ্মাণৰত ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধি আদিও উপস্থিত থাকে।