অসম Samaguri Journalist Nayanmoni Bora: চামগুৰিৰ যুৱ সাংবাদিক নয়নমণি বৰাৰ আকস্মিক বিয়োগ
T
The News Source
29 Jul 2026, 10:46 AM · 1 মিনিট পঢ়াৰ সময়
চামগুৰিৰ যুৱ সাংবাদিক নয়নমণি বৰাৰ আকস্মিক বিয়োগ
চামগুৰি: চামগুৰিৰ যুৱ সাংবাদিক তথা পুৰণিগুদাম প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক নয়নমণি বৰাৰ আকস্মিক বিয়োগত মৰ্মাহত নগাঁৱৰ সংবাদ মহল। ২৮ বছৰ বয়সতে মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে যুৱ সাংবাদিক নয়নমণি বৰাই।। কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে নগাঁৱত চিকিৎসাধীন হৈ আছিল যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসালয়ত ভর্তি হৈছিল। মৃত্যুৰ আগলৈকে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সাংবাদিকগৰাকী মঙলবাৰে দুপৰীয়া ভাগলৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু মৃত্যুক সাবটি ল'ব লগা হয়। অতি অমায়িক আৰু নম্র স্বভাৱৰ সাংবাদিক গৰাকী সংবাদ ক্ষেত্ৰখনত অতি জনপ্রিয় হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। পুৰণিগুদাম প্রেছ ক্লাবৰ শাৰদীয় শিশু গ্ৰন্থমেলাৰ অন্যতম উদ্যোক্তা আছিল নয়নমণি বৰা। ২০১৬ চন মানৰ পৰা সংবাদ ক্ষেত্ৰখনত জড়িত হৈ পৰা নয়নমণি পিছলৈ চামগুৰিৰ পৰা প্ৰতিদিন টাইমৰ সাংবাদিক হিচাপে কৰ্মৰত হৈছিল। মৃত্যুৰ আগলৈকে সাংবাদিক হিচাপে সেৱা আগবঢ়াই অহা নয়নমণি কিছুদিন ধৰি জণ্ডিচ ৰোগত আক্ৰান্ত হৈছিল। পিছলৈ আন কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ পৰা নয়নমণি অতি কম বয়সতে নিয়তিৰ ওচৰত হাৰ মানিলে। মাতৃৰ সৈতে জলাহ গাঁৱত জীৱন যাপন কৰা নয়নমণিৰ তিনি বছৰৰ পূৰ্বে পিতৃৰো মৃত্যু ঘটিছিল। অমায়িক স্বভাৱৰ সাংবাদিক নয়নমণিৰ মৃত্যুৰ বাতৰিৰ পাছতে অলেখ গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰে। নগাঁও প্ৰেছ ক্লাব, পুৰণিগুদাম প্ৰেছ ক্লাব, বঢ়মপুৰ প্ৰেছ ক্লাব, চামগুৰিৰ সমূহ সাংবাদিক, নগাঁও বার্তাজীবী সংঘ, পুৰণিগুদাম অনির্বাণ গোষ্ঠী, পুৰণিগুদাম বাপুজী ভৱন পুথিভঁৰাল, পুৰণিগুদাম দুর্গা পূজা সমিতি, আপকুৰ নগাঁও জিলা সমিতি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে সাংবাদিক নয়নমণিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
Advertisement