ছাইফুল ইছলাম, মৰিগাঁওঃ প্ৰতি বছৰে ২২ মে’ তাৰিখে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস (International Day for Biological Diversity) পালন কৰা হয়। জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, পৰিবেশ সুৰক্ষা আৰু জীৱজগতৰ প্ৰতি মানৱ সমাজক অধিক সজাগ আৰু দায়বদ্ধ কৰি তোলাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই এই বিশেষ দিনটো পালন কৰে (International Biological Diversity Day)।
জৈৱ বৈচিত্ৰ্য বুলিলে পৃথিৱীত থকা বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী, ক্ষুদ্ৰ জীৱ, বন-জংঘল, নদ-নদী তথা সমগ্ৰ প্ৰাকৃতিক পৰিৱেশক বুজায়। এই বৈচিত্ৰ্যই পৃথিৱীৰ জীৱনচক্ৰ সুষম কৰি ৰাখে। মানুহৰ খাদ্য, ঔষধ, বিশুদ্ধ বায়ু, পানী, কৃষি আৰু জীৱিকাৰ ক্ষেত্ৰতো জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব অপৰিসীম।
কিন্তু বৰ্তমান সময়ত বন ধ্বংস, প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন, আৰু প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত বহু মূল্যবান প্ৰজাতি বিলুপ্তিৰ দিশে আগবাঢ়িছে। ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত হৈছে আৰু মানৱ সভ্যতাৰ ওপৰতো গভীৰ প্ৰভাৱ পৰিছে।
সেয়েহে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আজিৰ সময়ৰ এক গুৰুত্বপূর্ণ দায়িত্ব। গছপুলি ৰোপণ, বনাঞ্চল সংৰক্ষণ, প্লাষ্টিক ব্যৱহাৰ হ্ৰাস, জলাশয় ৰক্ষা আৰু পৰিৱেশ অনুকূল জীৱনশৈলী গঢ়ি তোলাৰ মাধ্যমেৰে আমি প্রত্যেকে এই ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰো।
আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱসৰ এই শুভক্ষণত আহক আমি সকলোৱে এক সুস্থ, সেউজীয়া আৰু জীৱবৈচিত্ৰ্য সমৃদ্ধ পৃথিৱী গঢ়ি তোলাৰ বাবে একত্ৰিত হওঁ।
লগতে পঢ়কঃ কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

