নগাঁও: নগাঁও জিলাৰ উন্নয়নৰ দিশত আজি এক নতুন অধ্যায়ৰ সূচনা কৰি চহৰখনৰ পানীগাঁও ছয়আলিত নৱনিৰ্মিত “ভূপেন হাজৰিকা কলাতীৰ্থ” প্ৰকল্পৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আভাসিকভাবে উদ্বোধন কৰে (Bhupen Hazarika Kalakshetra Nagaon)। এই বিশেষ প্ৰকল্পটোত প্ৰায় ৮০০ জন লোক বহিব পৰাকৈ এক বিশাল সভাগৃহৰ লগতে প্ৰায় ১৫০ জন লোকৰ বাবে এটা ক্ষুদ্ৰ সভাগৃহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত এক সমৃদ্ধ সংগ্ৰহালয়, আৰ্কাইভ, আৰ্ট গেলেৰী আৰু প্ৰদৰ্শনীৰ বাবে এক বিশাল হলঘৰৰ সুবিধা ৰখা হৈছে।
কেৱল বৌদ্ধিক বা সাংস্কৃতিক চৰ্চাই নহয়, বিনোদনৰ বাবেও ইয়াত এক সুন্দৰ ৰেষ্টুৰেণ্ট, শিশু উদ্যান আৰু স্বাস্থ্য সচেতন লোকৰ বাবে এক বিশেষ ‘ৱাকিং জ’ন’ সংযোজিত কৰা হৈছে। এই কলাতীৰ্থত নাটককে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীসমূহ অতি সুচাৰুৰূপে আয়োজন কৰিব পৰা যাব।
দেওবাৰে এই প্ৰকল্পৰ উদ্বোধনী কাৰ্যসূচীত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, বিশিষ্ট শিল্পী কমল কটকী, নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাৰ লগতে জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
এই আধুনিক প্ৰকল্প্ই জিলাখনৰ সাংস্কৃতিক পৰিৱেশক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰিছে।
লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী–শিলচৰ হাইস্পীড কৰিড’ৰৰ ভূমি পূজন

