নগাঁওঃ নগাঁও চহৰৰ কলঙৰ বাকৰিত নিৰ্মাণ কৰা জুবিন উদ্যানত শনিবাৰে জনতাৰ শিল্পী জনৰ পত্নী গৰিমা গাৰ্গ যন্ত্ৰৰ শিল্পী সকল উপস্থিত হয়। নগাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি সন্ধিয়া জুবিন উদ্যানত উপস্থিত হৈ গৰিমা গাৰ্গ, কণ্ঠশিল্পী জুবলী বৰুৱা প্ৰমুখ্যে যন্ত্ৰৰ শিল্পী সকলে উদ্যানখনত থকা প্ৰিয় শিল্পীজনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনায় (Zubeen Park Nagaon Garima)।
পিছত তেওঁ সাংবাদিকৰ আগত জুবিন গাৰ্গে ন্যায় লাভ কৰিবই লাগিব বুলি মন্তব্য কৰি কয়, ” জুবিন গাৰ্গে যদি ন্যায় লাভ নকৰে তেন্তে কোনে ন্যায় লাভ কৰিব। জুবিন গাৰ্গে অসমৰ সকলো মানুহকে ভাল পাইছিল তেওঁ যদি ন্যায় লাভ নকৰে তেন্তে ন্যায় শব্দটো অভিধানৰ পৰা উঠাই দিব লাগিব।”
নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগত জুবিন গাৰ্গৰ আত্মিক সম্পৰ্ক আছিল বুলি মন্তব্য কৰি গৰিমা গাৰ্গে কয়, ” নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা জুবিন গাৰ্গৰ বন্ধু আৰু আমাৰো জ্যেষ্ঠ ভাতৃৰ দৰে । এই উদ্যানখনত জুবিন গাৰ্গৰ গীত-মাত সৃষ্টি ৰাজী প্ৰতিফলিত কৰিব বিচাৰিছে বিধায়ক ৰূপকদাই। আমি বিচাৰো অসমবাসীয়ে জুবিন গাৰ্গৰ সৃষ্টিক জীয়াই ৰাখক , প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিয়ক।”
জুবিন ক্ষেত্ৰও উন্নত ধৰণৰে নিৰ্মাণ হব বুলি আশা প্ৰকাশ কৰি গৰিমা গাৰ্গে কয়, ” এনেধৰণৰ এক বিশাল সাংস্কৃতিক সত্বাক জীয়াই ৰখাটো প্ৰতিজন অসমীয়াৰ কৰ্তব্য। জুবিন গাৰ্গে অসমৰ সকলোকে ভাল পাইছিল।”
ইপিনে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কয়, ” জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এই উদ্যানখন নিৰ্মাণ কৰা হৈছিল। ইয়াত তেওঁৰ অস্থি ৰাখিছো। জুবিন গাৰ্গৰ সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছো। তেওঁৰ সৃষ্টি ৰাজি সংৰক্ষণ কৰি ৰখা হৈছে। সদায় জুবিনৰ গীত বজোৱা হয়।জুবিন গাৰ্গৰ পৰিয়ালে এই উদ্যানখন ভাল পোৱাত আমাৰো ভাল লাগিছে।”
লগতে পঢ়কঃ কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

