নগাঁওঃ মাত্ৰ ৫০০ টকাৰ কাৰণেই নিজৰ পত্নীক হত্যা কৰাৰ দৰে এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। ঘটনাটো সংঘটিত হয় নগাঁও জিলাৰ কঠিয়াতলীৰ ১১ মাইলত মৃত মহিলাগৰাকীৰ নাম ইয়াছমিন বেগম। তেওঁ ৯ মাহৰ অন্তঃসত্বা আছিল (Pregnant Woman Murder in Nagaon)।
ইয়াছমিনৰ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে ডবকা আকাশীগংগাৰ ইয়াছমিনৰ কঠিয়াতলীৰ ১১ মাইলৰ আজিম উদ্দিনৰ লগত এবছৰৰ পূৰ্বে বিবাহ সম্পন্ন হৈছিল। বিগত দুমাহ ধৰি ইয়াছমিন আকাশীগংগাস্থিত মাতৃ গৃহত আছিল। স্বামী আজিম উদ্দিনো কৰ্মসূত্ৰে আকাশীগংগাতে আছিল। কিন্তু বিগত সপ্তাহত আজিম উদ্দিন ঘৰলৈ যোৱা আজিম উদ্দিনে কালি পত্নীক নিবলৈ ইয়াছমিনৰ মাতৃগৃহলৈ আহিছিল। আজিম উদ্দিনে এখন ই ৰিক্সা লৈ আহিছিল।
ই ৰিক্সাত পিচৰ ছিটত খৰি বোজাই দি পত্নীক আগৰ ছিটত বহোৱাই ঘৰলৈ আহি থাকোতে ডিফু বাইপাছতে পত্নী ইয়াছমিনৰ লগত আজিম উদ্দিনৰ মাত্ৰ ৫০০ টকাৰ বাবে কাজিয়া লাগে। ই ৰিক্সাত আহি থাকোতেই ৰেংবেঙত আজিম উদ্দিনে পত্নী ইয়াছমিনক মাৰপিট কৰে আৰু গোৰ মাৰি ই ৰিক্সাৰ পৰা পেলাই দিয়ে। পৰিয়ালৰ লোকে অনুমান কৰা মতে ইয়াছমিন আনুমানিক এক কিলোমিটাৰ দূৰ চুচৰি যায়।
ঘটনা সংঘটিত কৰি আজিম উদ্দিনে ইয়াক দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰে। তেতিয়া স্থানীয় লোকে ইয়াছমিনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। স্থানীয় চিকিৎসালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। নগাঁৱৰ চিকিৎসকে মহিলা গৰাকীৰ অৱস্থা সংকটজনক দেখি গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটীলৈ নিয়াৰ পথত কালি নিশা জাগীৰোডত মহিলা গৰাকীৰ মৃত্যু হয়।
সম্প্ৰতি ইয়াছমিনৰ স্বামী আজিম উদ্দিন পলাতক। ঘটনা সংক্ৰান্তত ইয়াছমিনৰ পৰিয়ালে কঠিয়াতলি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।
লগতে পঢ়কঃ দূৰ্ঘটনাত আহত নগাঁৱৰ মৰিকলং ডকাইতি কাণ্ডৰ অভিযুক্ত

