নগাঁও: “শিশুসকল আমাৰ সমাজৰ ভৱিষ্যত আৰু প্ৰতিটো শিশুৰ বাবে শিক্ষাৰ এক সুস্থ পৰিৱেশ নিশ্চিত কৰাটো আমাৰ এক যৌথ সামাজিক দায়িত্ব” । বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে কালি চামগুৰিত অনুষ্ঠিত জিলা ভিত্তিত এখন সজাগতা সভাত উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই দৰে কয়। নগাঁও জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত, জিলা প্ৰশাসন আৰু শ্ৰম বিভাগৰ সহযোগত চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই বিশেষ সজাগতা সভাত উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নিজৰ ভাষণত শিশু শ্ৰমিক প্ৰথা নিৰ্মূলকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বাল্যবিবাহ আৰু শিশু শ্ৰমিকৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনায় (Child Labour Rescue Drive)।
কাৰ্যসূচীৰ অংশস্বৰূপে জিলা আয়ুক্তই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নতুন চিন্তাৰ বিকাশ আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে এক আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰে। এই আকস্মিক বক্তৃতাৰ জড়িয়তে ছাত্ৰ ছাত্ৰীসকলে শিশু শ্ৰমিক বিৰোধী নিজৰ মত, কন্যা শিশুৰ সুৰক্ষাৰ লগতে শিশুৰ অধিকাৰ আৰু সমাজত ইয়াৰ প্ৰভাৱ আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ অতি সুন্দৰকৈ ব্যাখ্যা কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ এনে স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু সুন্দৰ বক্তৃতাত আপ্লুত হৈ জিলা আয়ুক্ত মহোদয়ে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে একোটাকৈ নিচুকণি বঁটা প্ৰদান কৰে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কমল জিৎ শৰ্মা, কলিয়াবৰ সম জিলাৰ আৰক্ষী অধীক্ষক বিতুল চেতিয়া, জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত কবিতা বৰ্মন, জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্যৰ লগতে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, পৰিচালনা সমিতিৰ সভাপতি, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্তৰ নিৰ্দেশ ক্ৰমে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত এক শিশু শ্ৰমিক উদ্ধাৰ অভিযান চলোৱা হয় আৰু এই অভিযানৰ সময়ছোৱাত জিলাখনৰ পৰা ৮ জন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয় বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। ইয়াৰ সমান্তৰালভাৱে হেদায়েত নগৰ অঞ্চলতো নগাঁও জিলা শিশু সুৰক্ষা কাৰ্যালয়ৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত এখন বিশেষ সজাগতা সভা আয়োজন কৰা হয়।
লগতে পঢ়কঃ কলিয়াবৰত বাঘৰ আতংক, ঘটনাস্থলীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

