যোৰহাট: যোৰহাট জিলাৰ ৰৰৈয়া বায়ুসেনা ঘাঁটিত শনিবাৰে পুৱা ভাৰতীয় বায়ুসেনাৰ এখন এ এন-৩২ পৰিবহণ বিমান অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ পাঁচগৰাকী বায়ুসেনা কৰ্মীৰ মৃত্যু হয় (AN-32 Aircraft Crash)। বিমানখনত থকা মুঠ ছয়জন লোকৰ ভিতৰত কেৱল সহ-পাইলটজন জীৱিত উদ্ধাৰ হয় আৰু বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে।
জানিব পৰা মতে, ৪৩ স্কোৱাড্ৰনৰ অন্তৰ্গত সামগ্ৰী কঢ়িয়াই নিয়া বিমানখন যোৰহাটৰ পৰা প্ৰায় পুৱা ১০ বজাত উৰা মাৰিছিল। নিয়মীয়া উৰণৰ অংশ হিচাপে চলি থকা এই অভিযানৰ সময়তে অৱতৰণৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ পিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে।
ভাৰতীয় বায়ুসেনাই সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বিবৃতিত দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা জোৱানসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে তদন্তৰ বাবে এখন Court of Inquiry গঠন কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।
দুৰ্ঘটনাত নিহত হোৱা বায়ুসেনা কৰ্মীসকলঃ
দুৰ্ঘটনাত নিহত হোৱা বায়ুসেনা কৰ্মীসকল হৈছে—
স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং
ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ
ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা
অগ্নিবীৰবায়ু খেমাৰাম কুমাৱাট
অগ্নিবীৰবায়ু ডেনিছ আলম
প্ৰতিৰক্ষা জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল এম. ৰাৱতে দুৰ্ঘটনাটোৰ সত্যতা নিশ্চিত কৰিছে। ঘটনাৰ পিছতে সমগ্ৰ বায়ুসেনা ঘাঁটিটো সুৰক্ষাৰ স্বাৰ্থত ছীল কৰি দিয়া হৈছে আৰু সাধাৰণ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
পূৰ্বতেও সংঘটিত হৈছিল এ এন ৩২ বিমানঃ
উল্লেখ্য যে, ১৯৮৪ চনত তৎকালীন ছোভিয়েট ইউনিয়নৰ পৰা সংগ্ৰহ কৰা এ এন-৩২ বিমানসমূহে দীৰ্ঘদিন ধৰি ভাৰতীয় বায়ুসেনাৰ পৰিবহণ ব্যৱস্থাৰ মেৰুদণ্ড হিচাপে কাম কৰি আহিছে। অৱশ্যে বিগত দশকটোত এই বিমানৰ সৈতে জড়িত কেইবাটাও মাৰাত্মক দুৰ্ঘটনা সংঘটিত হৈছে। ২০১৬ চনত বঙ্গোপসাগৰৰ ওপৰত নিখোজ হোৱা এ এন-৩২ বিমানত ২৯ জন আৰু ২০১৯ চনত অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হোৱা আন এখন বিমানত ১৩ জনৰ মৃত্যু হৈছিল। শেহতীয়া এই দুৰ্ঘটনাকে ধৰি ২০১৬ চনৰ পৰা এ এন-৩২ বিমান দুৰ্ঘটনাত মুঠ ৪৭ জনৰ প্ৰাণহানি ঘটিছে।
বৰ্তমান দুৰ্ঘটনাটোৰ সঠিক কাৰণ তদন্তৰ অন্তৰ্গত আছে।
লগতে পঢ়কঃ ঝাৰখণ্ডত দুৰ্ঘটনাত পতিত এয়াৰ এম্বুলেন্সঃ সাতজন নিহত

