Missing Youth Assam: Nagaon Youth Goes Missing While Travelling to Keralaপুনৰ সন্ধানহীন সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱক

নগাঁওঃ পুনৰ বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ সন্ধানত ওলাই যোৱা আন এজন যুৱকৰ নোহোৱা হৈছে কোনো সন্ধান (Missing Youth Assam)। বহিঃৰাজ্যত কাম বিচাৰি গৈ থকা অৱস্থাতে সন্ধানহীন হৈছে নগাঁৱৰ এজন যুৱক। নগাঁৱৰ ইছলাম পট্টিৰ ছাদ্দাম হুছেইন নামৰ যুৱকজন বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হোৱাক লৈ একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যুৱকজনৰ পৰিয়ালত।

পৰিয়ালৰ লোকে জনোৱা মতে,বিগত ৯ তাৰিখে ঘৰৰ পৰা ৰে’লযোগে কেৰেলালৈ যোৱাৰ উদ্দেশ্যে ৰাওনা হৈছিল নগাঁৱৰ ছাদ্দাম হুছেইন। কিন্তু গন্তব্যস্থানত উপনীত হোৱাৰ পূৰ্বেই যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। তাৰ পাছৰ পৰাই পৰিয়ালটোত লাগে হাহাকাৰ। উপায়ান্তৰ ছাদ্দামৰ পৰিয়ালৰ লোকে ছাদ্দামৰ সৈতে যোৱা আন যুৱকৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

কিন্তু নগাঁৱৰ যুৱক ছাদ্দামৰ সৈতে কেৰেলালৈ যোৱা আন যুৱককেইজনৰ সৈতে ছাদ্দামৰ পৰিয়ালৰ লোকে যোগাযোগ কৰিলে ছাদ্দামৰ পৰিয়ালৰ লোকক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে ছাদ্দামৰ পৰিয়ালৰ লোকে।

সন্ধানহীন ছাদ্দামৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা মতে অন্তিমবাৰ ফোনযোগে কথা পাতোতে ছাদ্দামে তেওঁলোকক যাত্ৰাপথত কেইবাদিন ধৰি অনাহাৰে থাকিবলগীয়া হোৱা বুলি অৱগত কৰিছেল। তাৰ পিছৰে পৰা তেওঁৰ মোবাইল ফোন বন্ধ হৈ পৰে।

ইফালে, যিসকল লোকৰ সৈতে ছাদ্দাম কেৰেলালৈ গৈছিল, তেওঁলোকৰ বিৰুদ্ধেও পৰিয়ালৰ লোকক বিভ্ৰান্তিকৰ তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাদ্দামৰ পৰিয়ালৰ লোকে।

ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে।

ইতিমধ্যে, সমগ্ৰ ঘটনা সন্দৰ্ভত ছাদ্দামৰ পৰিয়ালৰ লোকে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জড়িয়তে কোনো সদাশয় ব্যক্তিয়ে ছাদ্দাম হুছেইনৰ কোনো সন্ধান লাভ কৰিলে 7663926514 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়কঃ তামিলনাডুৰ পৰা সন্ধানহীন অসমৰ যুৱক


Advertisement