নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াৰ দুগৰাকী মহিলাক বে-আইনী ভাবে বিদেশী ঘোষণা কৰা কাৰ্যৰ বিৰুদ্ধে ধাৰাবাহিক ভাবে ক্ষোভ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু গণতন্ত্ৰ সুৰক্ষা মঞ্চ নামৰ দুটাকৈ অৰাজনৈতিক সংগঠনে (Foreigners Tribunal Controversy in Assam)। আজি সংগঠন দুটাই জুৰীয়াত এক সংবাদমেল আয়োজন কৰি আইন ব্যৱস্থাক ভেঙুচালি কৰি মহিলা দুগৰাকীক বিদেশী সজোৱা কাৰ্যৰ বিৰুদ্ধে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণৰ বিৰুদ্ধে অভিযোগ তুলি সোচ্ছাৰ হৈ পৰিছে।
সংবাদমেলত সংগঠন দুটাৰ নেতৃত্বই উল্লেখ কৰে যে জুৰীয়াস্থিত বিদেশী ন্যায়ধিকৰণে জুৰীয়াৰ ধিং গাঁৱৰ মমতাজ বেগম (স্বামী – ম:মোজাম্মিল হক) আৰু বগৰিগুৰী গাঁৱৰ জাহানাৰা বেগমক (স্বামী – ম: হৰমুজ আলী)ক বিদেশী ঘোষণা কৰা প্রক্রিয়া সম্পূৰ্ণ ভাৱে আসোঁৱাহপূৰ্ণ। বিদেশী ন্যায়াধিকৰণৰ সদস্য গৰাকীয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো অবমাননা কৰিছে বুলি উল্লেখ কৰে। সংবাদমেলত সংগঠনদুটাৰ নেতৃবৃন্দই উল্লেখ কৰে যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত মমতাজ বেগমে তৰা গোচৰত (WP(C)/8171/ 2019) নির্দেশনাৰ দহ নং পেৰাত উল্লেখ কৰিছে – “প্রথম বাদী অধিবক্তাক এই আদেশপত্ৰৰ এটা কপি ডাউনলোড কৰি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক (খ) বিভাগলৈ পঠিয়াবলৈ কোৱা হৈছে। তাতে তেওঁলোকে ঠিক কৰিব যে ৰাজ্যই বিদেশী ন্যায়াধিকাৰৰ বিচাৰপতি আৰু কৰ্মচাৰীসকলক সময়ে সময়ে প্ৰশিক্ষণ দিব নে নিদিয়ে, যাতে তেওঁলোকৰ কামৰ দক্ষতা বাঢ়ে।”
মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নির্দেশনাই ইয়াকেই স্পষ্ট কৰিছে যে ৰাজ্যৰ বিদেশী চিনাক্তকৰণৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় এটা অর্ধ – বিচাৰ ব্যৱস্থাত (Quasi-judicial system ) তুলি দিয়াৰ অর্থই হ’ল আইনী আৰু বিধিগত বিচাৰতকৈ শাসকীয় ৰাজনৈতিক দলৰ নীতি তথা সিদ্ধান্ত আৰু নির্দেশনাকহে গুৰুত্ব প্ৰদান কৰা। ফলস্বৰূপে মমতাজ বেগম আৰু জাহানাৰা বেগম ইয়াৰ বলি হ’ব লগা হৈছে । পূৰ্বতেও অসমত আৰু এনে বহুলোক এই অৰ্ধ-বিচাৰ ব্যৱস্থাৰ ভুল ৰায়ৰ বলি হ’ব লগীয়া হৈছিল বুলি সংগঠন দুটাৰ নেতৃবৃন্দই প্ৰকাশ কৰে। যাৰ বাবে প্রকৃত ন্যায়ৰ পৰা বঞ্চিত এনে বহু লোক ডিটেনচন কেম্পত জীৱন কটাব লগা হৈছে।
সংবাদ মেলখনত তেওঁলোকে অভিযোগ কৰি কয় যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে মানব হত্যাকাৰী যি পুছ বেক নীতি গ্ৰহণ কৰিছে তাক এই অর্ধ – বিচাৰ ব্যৱস্থাই অধিক সাৰপানী যোগাইছে। ইতিমধ্যে পুছ বেক কৰা মমতাজ বেগম আৰু জাহানাৰা বেগমক কোন সীমান্তৰে পুছ বেক কৰিছে সেই সম্পৰ্কে জিলা প্ৰশাসনে ভুক্তভোগী পৰিয়ালবর্গক তাৎক্ষণিক ভাৱে সম্ভেদ দিয়া আৰু তেওঁলোকক ঘূৰাই অনাৰ দাবী উত্থাপন কৰে অন্যথাই সংগঠনদুটাই জিলা প্রশাসনৰ বিৰুদ্ধে মানব অধিকাৰ আয়োগ, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত গোচৰ তৰাৰ লগতে ৪র্থ জুৰীয়া বিদেশী ন্যায়ধিকৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ ৰুজু কৰাৰ কথাও ঘোষণা কৰে।
লগতে সংগঠনদুটাই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে যে ডিটেনচন কেম্প ভঙ্গ কৰা, পুছবেক নহয় বাংলাদেশকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ লগত প্ৰত্যৰ্পণ চুক্তি সম্পাদন কৰা আৰু বিদেশী ন্যায়ধিকৰণৰ দৰে অর্ধ বিচাৰ ব্যৱস্থা ভঙ্গ কৰি পূৰ্ণাঙ্গ বিচাৰ ব্যৱস্থাৰ অধীনত বিদেশী চিনাক্তকৰণৰ গোচৰ সমূহ বিচাৰ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে এই দাবীৰ সমর্থনত জনমত গঠনৰো প্রয়াস কৰিব বুলি সংবাদ মেলখনত উল্লেখ কৰে । এই সংবাদ মেলৰ যোগে স্থানীয় বিধায়ক নুৰুল হুদাৰ দৃষ্টিগোচৰ কৰাৰ লগতে তেখেতৰ স্থিতি ৰাজহুৱা কৰাৰো আহ্বান জনাই।
সংবাদ মেলত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ অন্যতম আহ্বায়ক অৰূপ কুমাৰ মহন্ত, ফজলুল হক মৰল, আব্দুছ চোবাহান, জহিৰুল ইছলাম ,অধিবক্তা তথা সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাওঁ জিলা সমিতিৰ সভানেত্রী পৰী কুমাৰী বৰুৱা, প্ৰগতিশীল নাৰী সন্থাৰ নগাওঁ জিলা সমিতিৰ সম্পাদিকা আয়েফা বেগমৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়কঃ Nagaon Declared Foreigners Push Back: নগাঁৱৰ ঘোষিত ১৪ বিদেশীক ভাৰত–বাংলা সীমান্তলৈ প্ৰেৰণ

