NEET UG 2026: Nagaon Administration Tightens Security Ahead of Examinationনীট পৰীক্ষাৰ সুৰক্ষা ব্যৱস্থাকলৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

নগাঁও: আন্তৰ্জাতিক যোগ দিৱসৰ দিনটোতে অহা দেওবাৰ ২১ জুনত দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া নীট, (NEET UG 2026)অৰ্থাৎ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) ২০২৬ সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। কালি তেওঁ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজী তালুকদাৰক লগত লৈ জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰাপত্তা আৰু ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে।

পৰিদৰ্শনকালত তেওঁলোকে নগাঁও বিশ্ববিদ্যালয়, নগাঁও ছোৱালী কলেজ, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু পি.এম. শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ আন্তঃগাঁথনি তথা পৰীক্ষাৰ্থীৰ বাবে যাৱতীয় সুবিধাৰাজিৰ তন্ন তন্নকৈ নিৰীক্ষণ কৰে।তেওঁলোকে পৰীক্ষা কক্ষসমূহৰ পৰিৱেশ, কেন্দ্ৰৰ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা আৰু প্ৰশ্নকাকতৰ সুৰক্ষা সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰসমূহত যিকোনো ধৰণৰ ত্ৰুটিমুক্ত পৰিৱেশ নিশ্চিত কৰিবলৈ যাবতীয় নিৰ্দেশনা আৰু পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে, যোৱা ৩ মে’ ত অনুষ্ঠিত হোৱা নীট ২০২৬ পৰীক্ষা পিছত বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ২১ জুনত নতুনকৈ দিন ধাৰ্য কৰা হৈছে।

এই গুৰুত্বপূৰ্ণ পৰীক্ষাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে পৰীক্ষাৰ প্ৰশ্নকাকত আৰু অন্যান্য অতি গোপনীয় তথা গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখিবলৈ নিৰ্ধাৰণ কৰা সংৰক্ষণ স্থানসমূহৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ ল’বলৈ তেওঁলোকে জিলাখনৰ বিভিন্ন বেংকত থকা নিৰ্ধাৰিত ষ্ট্ৰং ৰোম সমূহো পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, নগাঁও চহৰৰ দাঁতিকাষৰীয়া কেন্দ্ৰসমূহৰ উপৰিও কলিয়াবৰ মহাবিদ্যালয়ক অন্তৰ্ভুক্ত কৰি এইবাৰো জিলাখনৰ মুঠ ৭টা কেন্দ্ৰত নীট (ইউজি) ২০২৬ পৰীক্ষা অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ পৰীক্ষাত এইবাৰ জিলাখনৰ সৰ্বমুঠ ৪,৮২৯ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

পৰীক্ষা কেন্দ্ৰৰ এশমিটাৰ দূৰত্বৰ ব্যাসাৰ্ধত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ কামত নিয়োজিত ব্যক্তিৰ বাহিৰে আন কোনোৱে প্ৰৱেশ কৰিব নোৱাৰিব বুলি জিলা আয়ুক্ত‌ই স্পষ্ট কৰি দিয়ে। পৰীক্ষাৰ্থীসকলক প্ৰয়োজনীয় কলম, পেঞ্চিল, এডমিট কাৰ্ড আৰু পৰিচয় পত্ৰৰ বাহিৰে আন কোনো সামগ্ৰী নানিবলৈ পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়কঃ নগাঁৱত প্ৰশাসনৰ অভিযানঃ ছীল কৰা হ’ল নিচা মুক্তি কেন্দ্ৰ


Advertisement