One Year of Nagaon DC Debashish Sharma: A Journey of Administrative Excellence and Public Trustজিলা আয়ুক্ত হিচাপে মাত্ৰ এটা বছৰতে কিদৰে নগাঁওবাসীৰ অন্তৰত স্থান লাভ কৰিলে দেৱাশীষ শৰ্মাই?

নিউজ ডেস্কঃ বিগত বৰ্ষৰ ১৬ জুনত নগাঁও জিলাৰ আয়ুক্ত হিচাপে যোগদান কৰিছিল দক্ষ আই এছ বিষয়া দেৱাশীষ শৰ্মাই (Nagaon DC Debashish Sharma)। নগাঁও জিলা প্ৰশাসনৰ মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এটা বছৰৰ ভিতৰত নগাঁওবাসীৰ যেন মন জয় কৰিবলৈ সক্ষম হৈছে জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। বিগত বৰ্ষৰ ১৬ জুনত (২০২৫ চন) নগাঁও জিলা আয়ুক্ত হিচাপে যোগদান কৰা দেৱাশীষ শৰ্মাই জিলাখনত সক্ৰিয়তা আৰু কঠোৰ প্ৰশাসনিক পদক্ষেপৰ জৰিয়তে নতুন দিশ সূচনা কৰিছে। মৰিগাঁও জিলাৰ পৰা বদলি হৈ অহা এই অভিজ্ঞ আই এ এছ বিষয়াই যোগদানৰ পিছতে জিলাৰ বিভিন্ন ক্ষেত্ৰত সংস্কাৰমূলক আৰু উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰি ৰাইজৰ মাজত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নেতৃত্বত নগাঁও জিলাই ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰাই নহয় জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু যুৱ প্ৰজন্মৰ সম্পৃক্ততাৰ এক অনন্য উদাহৰণ স্থাপন কৰিবলৈ সক্ষম হৈছে।

প্ৰশাসনিক দক্ষতাৰ লগতে মানৱীয়তা, সামাজিক দায়বদ্ধতা আদি বিভিন্ন ক্ষেত্ৰত নিজৰ কৰ্ম দক্ষতাৰ পৰিচয় মাত্ৰ এটা বছৰৰ ভিতৰতে নগাঁওবাসীক দিবলৈ সক্ষম হৈছে জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। এগৰাকী প্ৰকৃত মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আই এ এছ বিষয়া দেৱাশীষ শৰ্মাক বিগত এটা বছৰৰ কাৰ্যকালত নগাঁওবাসীয়ে বিভিন্ন সময়ত দেখা পাইছিল বিভিন্ন ৰূপত। কেতিয়াবা মঞ্চত গায়কৰ ৰূপত দেখা পোৱা এইগৰাকী দেৱাশীষ শৰ্মাই প্ৰায়ে শিশুসকলৰ লগত খেল ধেমালীৰ মাজেৰে অতিবাহিত কৰি নিজৰ মৰমীয়াল ৰূপ দেখুৱাইছিল যদিও প্ৰশাসনিক ক্ষেত্ৰত প্ৰায় কঠোৰ হৈ পৰিছিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।

ছাত্ৰ ছাত্ৰীৰ সৈতে সংগীত চৰ্চা জিলা আয়ুক্ত দেনাশীষ শৰ্মাৰ

যোগদান আৰু প্ৰাৰম্ভিক পদক্ষেপ

২০২৫ চনৰ ১৬ জুনত নগাঁও জিলাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে দেৱাশীষ শৰ্মাই জিলা প্ৰশাসনক সক্ৰিয় আৰু স্বচ্ছ কৰি তোলাৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰে। তেওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অপৰিষ্কাৰ অৱস্থা দেখি তৎক্ষণাত পৰিষ্কাৰ অভিযান আৰম্ভ কৰে। এই পদক্ষেপে চৰকাৰী কাৰ্যালয়সমূহক আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। ইয়াৰোপৰি চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন কাৰ্য্যালয়ত পুৱা দহ বজাতেই আকস্মিক পৰিদৰ্শন কৰি জিলাখনৰ চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতি গঢ়িবলৈ সক্ষম হৈছিল।

যোগদান কৰিয়েই জিলা আয়ুক্ত কাৰ্যালয় চৌহদ পৰিদৰ্শন জিলা আয়ুক্ত দেনাশীষ শৰ্মাৰ

ৰাজহ বিভাগৰ সংস্কাৰ: একেদিনাই সকলো লাট মণ্ডলৰ বদলি

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ২০২৫ চনৰ ৩ আগষ্টত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ আটাইকেইগৰাকী লাট মণ্ডলক একেদিনাই বদলি কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। একেদিনাই ১৪৬ গৰাকী লাট মণ্ডল (Land Record Assistants আৰু Supervisors) ক জিলাৰ ৭টা ৰাজহ চক্ৰত ৰদ বদল কৰা হয়। দুৰ্নীতি নিৰ্মূল আৰু ৰাজহ বিভাগত স্বচ্ছতা আনিবলৈ এই ব্যাপক বদলিৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। কোনো বিষয়াই এটা ঠাইত বহু দিন থাকিলে দুৰ্নীতিৰ আশংকা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তই গ্ৰহণ কৰিছিল এই সিদ্ধান্ত। এই সিদ্ধান্তই ৰাজহ বিভাগৰ কাম-কাজত নতুন গতি আনিছে আৰু ৰাইজৰ মাজত ভূমি সম্পৰ্কীয় সেৱা অধিক সহজ আৰু স্বচ্ছ কৰি তুলিছে।

ইণ্ডিয়ান বুক অফ ৰেকৰ্ডৰ সাফল্য

ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশনেৰে নগাঁৱক ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত স্থান

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত নগাঁও জিলাই সাংস্কৃতিক ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য লাভ কৰে। সুধাকন্ঠ, ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানু্হৰ বাবে পৰিবেশনৰ জৰিয়তে জিলাখনক ভাৰতবৰ্ষৰ ভিতৰতেই সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মা। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত নুৰুল আমিন ষ্টেডিয়ামত ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেতভাৱে “মানুহে মানুহৰ বাবে” গান গাই ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ৬৩টা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানে শান্তি, ঐক্য আৰু মানৱতাবাদৰ বাৰ্তা প্ৰচাৰ কৰিছিল। জিলা প্ৰশাসনে এই অনুষ্ঠানৰ আয়োজন কৰাত দেৱাশীষ শৰ্মাই মুখ্য ভূমিকা পালন কৰে। ইণ্ডিয়ান বুক অফ ৰেকৰ্ডে তৎক্ষণাত স্বীকৃতি প্ৰদান কৰে, যি জিলাৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ প্ৰচাৰত সহায়ক হৈছে।

১৬ হাজাৰৰো অধিক শিক্ষাৰ্থীৰ পৰিৱেশন ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত

ভূপেন হাজৰিকাৰ কুঠৰীৰ ভূমি উদ্ধাৰ আৰু জন্মদিন উদযাপন

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ

দেৱাশীষ শৰ্মাৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কুঠৰীস্থিত ঐতিহাসিক বাসগৃহ আৰু চৌহদৰ ভূমি উদ্ধাৰ আৰু চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰা হয়। অসম চৰকাৰে প্ৰায় ২.৫১ কোটি টকাত ৭ বিঘা ভূমি আৰু ঘৰ উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰে। এই ভূমি উদ্ধাৰৰ পিছতে সুধাকণ্ঠৰ জন্মদিন উপলক্ষে কুঠৰীত বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। তাত ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ সমবেতভাৱে পৰিবেশন কৰা হয় আৰু স্মৃতিসৌধ/প্ৰতিমূৰ্তিৰ সন্মানত কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই পদক্ষেপে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ

নগাঁৱক ড্ৰাগছ মুক্ত কৰাৰ চেষ্টা

নগাঁও জিলাৰ আয়ুক্ত হিচাপে যোগদান কৰাৰ পিচত আই এ এছ বিষয়া দেৱাশীষ শৰ্মাই প্ৰথমেই ড্ৰাগছৰ ঘাটিলৈ পৰিণত হোৱা নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ বাবে গ্ৰহণ কৰিছিল বিভিন্ন পদক্ষেপ। প্ৰথমেই জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছিল জিলা আয়ুক্তগৰাকীয়ে। আনকি ঠায়ে ঠায়ে ড্ৰাগছ বিৰোধী সজাগতা সভা আয়োজন কৰি ড্ৰাগছৰ বেহাৰ সৈতে জড়িতসকলক দিছিল কঠোৰ সকিয়নী। জিলা আয়ুক্তগৰাকীয়ে আৰক্ষীৰ সহযোগত গ্ৰহণ কৰা পদক্ষেপে জিলাখনত ড্ৰাগছৰ পয়োভৰ যঠেষ্ট হ্ৰাস পোৱা বুলি দাবী কৰে সচেতন মহলে।

সজাগতা সভাত অংশগ্ৰহণ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

বুল্ড’জাৰ অবিহনেই বেদখলমুক্ত চৰকাৰী ভূমি

চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ জেঙনিৰ ৰাইজক আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁও জিলা আয়ুক্ত হিচাপে যোগদান কৰাৰ পাচত চৰকাৰী ভূমি বেদখমুক্ত কৰিও এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। যি সময়ত উচ্ছেদক লৈ উত্তাল প্ৰতিবাদ, উত্তপ্ত পৰিস্থিতি, বেদখলকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল, তেনে সময়ত বুল্ড’জাৰ পৰ্য্যন্ত ব্যবহাৰ নকৰাকৈ শান্তিপূৰ্ণভাৱে চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ বৃহৎ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে সজাগতা সভাৰ অয়োজন কৰি সকলোকে নিজেই চৰকাৰী ভূমি ত্যাগ কৰিবলৈ আহ্বান জনাইছিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আহ্বানক সঁহাৰি জনাই শতাধিক ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে বহু পৰিয়ালে নিজেই চৰকাৰী ভূমি ত্যাগ কৰি আঁতৰি গৈছিল।

বুল্ড’জাৰ অবিহনেই চৰকাৰী ভূমি বেদখলমুক্ত

বনাঞ্চল সংৰক্ষণ আৰু উচ্ছেদ অভিযান

দেৱাশীষ শৰ্মাৰ নেতৃত্বত নগাঁৱৰ লুটুমাৰী ৰিজাৰ্ভ ফৰেষ্টত ব্যাপক উচ্ছেদ অভিযান চলোৱা হয়। প্ৰায় ৫,৯৬২ বিঘা ভূমিত প্ৰায় ১,৭০০ পৰিয়ালৰ অবৈধ দখল উচ্ছেদ কৰা হয়। বন বিভাগ আৰু আৰক্ষীৰ সহযোগত চলা এই অভিযানত তেওঁ নিজে তদাৰকী কৰে আৰু ৰাইজক শান্তিপূৰ্ণ সহযোগিতাৰ আহ্বান জনায়। এই পদক্ষেপে মানুহ-হাতীৰ সংঘাত হ্ৰাস কৰাৰ লগতে বন সম্পদ সংৰক্ষণত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিতৰ্কৰ অৱসান

দেশৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত স্থান লাভ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিক লৈ সৃষ্টি হোৱা দীৰ্ঘদিনীয়া বিতৰ্কৰ অৱসান ঘটাবলৈ সক্ষম হৈছে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ আৰু নিৰ্দেশৰ পিছত তেওঁক থান পৰিচালনা সমিতিৰ সাময়িক সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰি পূৰ্ণাংগ কমিটি গঠনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।

২০২৫ চনৰ আগষ্ট মাহত দেৱাশীষ শৰ্মাই ১২ সদস্যৰ এখন সাময়িক পৰিচালনা সমিতি গঠন কৰে, য’ত অতিৰিক্ত জিলা আয়ুক্ত, ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, নৰুৱা আৰু শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ অন্তৰ্ভুক্ত হৈছিল। পৰৱৰ্তী সময়ত বিগত ২০২৫ বৰ্ষৰ ২ নৱেম্বৰত সাধাৰণ সভা আহ্বান কৰি পূৰ্ণাঙ্গ সমিতি গঠনত মূখ্য ভূমিকা গ্ৰহণ কৰিছিল জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মা।

নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ সমূদ্ৰগুপ্ত কাশ্যপৰ সভাপতিত্বত বিগত বৰ্ষৰ ২ নৱেম্বৰত অনুষ্ঠিত সাধাৰণ সভাতেই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিখন গঠন কৰা হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ে WP(C) No. 4271/2025 নম্বৰত বটদ্ৰৱা থান পৰিচালনা সমিতি বনাম অসম চৰকাৰ আৰু অনান্য গোচৰৰ প্ৰসংগত ৰায়দান কৰি নগাঁৱৰ জিলা আয়ুক্তক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল । সেই মৰ্মে জিলা আয়ুক্তই এখনি সাময়িক সমিতি গঠন কৰি অৱশেষত সাধাৰণ সভাৰ জৰিয়তে পূৰ্ণাংগ সমিতি গঠন কৰি দীৰ্ঘদিনীয়া এক বিতৰ্কৰ অৱসান ঘটাবলৈ সক্ষম হৈছিল।

এই পদক্ষেপে থানখনৰ পৰিচালনাত স্বচ্ছতা, শৃংখলা আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ নিশ্চিত কৰিছে। বিতৰ্কৰ অৱসানে বটদ্ৰৱা থানক অধিক গতি প্ৰদান কৰি মহাপুৰুষৰ আদৰ্শ প্ৰচাৰত সহায়ক হৈছে।

বিতৰ্কৰ অৱসান ঘটাই সাধাৰণ সভাৰ জড়িয়তে বটদ্ৰৱা থান পৰিচালনা সমিতি গঠনত মূখ্য ভূমিকা গ্ৰহণ

দুৰ্ঘটনা ৰোধৰ প্ৰয়াস

নগাঁও জিলাত সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত বাইক ৰালী, সজাগতা সভাৰ জৰিয়তে দুৰ্ঘটনা ৰোধৰ বাবে সজাগতা সৃষ্টিৰ উপৰিও বিভিন্ন বনভোজস্থলীত উপস্থিত হৈ সজাগতা সৃষ্টিৰ লগতে সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰিছিল। আনকি শেহতীয়াকৈ জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাহন পাৰ্কিঙৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

দূৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে সজাগতামূলক বাইক ৰেলী

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আকস্মিক পৰিদৰ্শন আৰু কঠোৰ ব্যৱস্থা

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আকস্মিক পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

২০২৫ চনৰ আগষ্ট মাহত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আকস্মিকভাৱে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনত কাৰাগাৰৰ ভিতৰত অবৈধ সামগ্ৰীৰ সৰবৰাহ আৰু অন্যান্য বহু অনিয়ম ধৰা পেলাবলৈ সক্ষম হয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ সৈতে কৰা এই অভিযানত বহু পৰিমাণে নিষিদ্ধ বস্তু জব্দ কৰা হয়। কাৰাগাৰৰ নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ লগতে অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। এই পদক্ষেপে কাৰাগাৰ ব্যৱস্থাপনাত স্বচ্ছতা আৰু শৃংখলা আনিবলৈ সহায়ক হৈছে।

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আকস্মিক পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

জিলাখনৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন কৰি জিলাখনত এক সেউজ বিপ্লৱ গঢ়ি তোলাৰো এক প্ৰয়াস কৰি আহিছে জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

সেউজ বিপ্লৱ গঢ়ি তোলাৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তত গছপুলি ৰোপন

দেৱাশীষ শৰ্মাৰ এই কঠোৰ অথচ গঠনমূলক নেতৃত্বই নগাঁও জিলাক উন্নয়নৰ নতুন মডেল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ৰাইজৰ সহযোগিতাত জিলাখন আৰু অধিক অগ্ৰগতি লাভ কৰিব বুলি আশা কৰা হৈছে। তেওঁৰ এই পদক্ষেপসমূহে প্ৰশাসনিক দায়িত্বৰ লগতে সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে।

বিভিন্ন সামাজিক অনুষ্ঠানত অংশগ্ৰহণ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

বিশেষকৈ বিগত এটা বছৰত জাতি ধৰ্ম নিৰ্বিশেষে জনসাধাৰণক গুৰুত্ব প্ৰদান কৰি অতি ব্যস্ততাৰ দায়িত্ব পালনৰ পাছতো ৰাইজক সাক্ষাতৰ সুযোগ প্ৰদান, সভা সমিতিত অংশগ্ৰহনেৰে গঢ়ি তোলা জনসম্পৰ্কই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অসাধাৰণ ব্যক্তিত্ব প্ৰতিপন্ন কৰিছে।

লগতে পঢ়কঃ ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানুহ হিচাপে গঢ় দিয়ক শিক্ষক সকলে




Advertisement