গুৱাহাটী: অসম চৰকাৰে বৃহৎ পৰিসৰত আইএএছ আৰু এচিএছ বিষয়াসকলৰ মাজত এক ব্যাপক ৰদবদল সংঘটিত কৰিছে। বুধবাৰে জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে একাধিক জিলা আয়ুক্ত, সচিব তথা শীৰ্ষ প্ৰশাসনিক বিষয়াক নতুন দায়িত্ব অর্পণ কৰা হৈছে (Assam Administrative Reshuffle 2026)।
অধিসূচনা অনুসৰি, মৰিগাঁওৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীক উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, মাজুলীৰ জিলা আয়ুক্ত সৃষ্টি সিংহক মৰিগাঁও জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।
দক্ষিণ শালমাৰা-মানকাচৰৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক কাছাৰৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গক পুনৰ সমগ্ৰ শিক্ষা অসম মিছনৰ পৰিচালন সঞ্চালক (Managing Director) হিচাপে নিযুক্তি দিয়া হৈছে।
ইফালে, হোজাইৰ জিলা আয়ুক্ত ডেবা প্ৰসাদ মিশ্ৰক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে দায়িত্ব দিয়া হৈছে। তেওঁৰ স্থানত সাধাৰণ প্ৰশাসন বিভাগৰ সচিব সঞ্জয় দত্তক হোজাই জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
বৰপেটাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰাক উপত্যকা উন্নয়ন বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে। আনহাতে, প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগৰ অতিৰিক্ত সচিব নবাদীপ পাঠকক বৰপেটাৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
ধুবুৰীৰ জিলা আয়ুক্ত মেঘা নিধি ডাহালক বিত্ত বিভাগৰ সচিব হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। তেওঁৰ স্থানত বঙাইগাঁওৰ জিলা আয়ুক্ত দিবাকৰ নাথক ধুবুৰীৰ নতুন জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে।
বঙাইগাঁওৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন শালাৰিয়া হ’ব নতুন জিলা আয়ুক্ত। আনহাতে, কৃষি বিভাগৰ যুটীয়া সচিব গাকুল চন্দ্ৰ ব্ৰহ্মক চিৰাং জিলাৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
ইয়াৰ উপৰিও, উদালগুৰীৰ জিলা আয়ুক্ত জয় বিকাশক হাইলাকান্দিৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব পুলক পাটগিৰিক উদালগুৰীৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
তদুপৰি, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণক বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে। বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন শালাৰিয়াক বঙাইগাঁও জিলালৈ বদলি কৰা হৈছে।
চৰকাৰৰ এই ব্যাপক ৰদবদলক প্ৰশাসনিক কাৰ্যক্ষমতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ধৰা হৈছে। নতুন দায়িত্ব লাভ কৰা বিষয়াসকলে অতি সোনকালে নিজ নিজ কৰ্মস্থানত যোগদান কৰাৰ সম্ভাৱনা আছে।
লগতে পঢ়কঃ মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে মাত্ৰ এটা বছৰত ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে অনামিকা তেৱাৰী

