নগাঁও : ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শিশুৰ জৰুৰীকালীন পুঁজি, চমুকৈ ইউনিচেফ ইণ্ডিয়া আৰু ইউনিচেফ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জ্যেষ্ঠ শিশু সুৰক্ষা বিশেষজ্ঞসকলক লৈ গঠিত এটা প্ৰতিনিধি দলে বুধবাৰে নগাঁৱত উপস্থিত হৈ জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় (UNICEF Child Protection Nagaon)। বুধবাৰে জিলা ভ্ৰমণলৈ অহা দলটোৱে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত জিলাখনত শিশু কল্যাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কৰ্মৰত মুখ্য অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে। এই বিশেষ সভাৰ পূৰ্বে প্ৰতিনিধি দলটোৱে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক তেওঁৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰে আৰু জিলাখনৰ শিশু সুৰক্ষাৰ ব্যৱস্থা সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনাত অংশগ্ৰহণ কৰে।
উক্ত বৈঠকত ইউনিচেফ ইণ্ডিয়াৰ শিশু সুৰক্ষা শাখাৰ মুখ্য বিষয়া মিলন কিদানে, শিশু সুৰক্ষা বিশেষজ্ঞ বন্দনা কান্ধহাৰী, শিশু সুৰক্ষা বিশেষজ্ঞ শৰ্মিলা ৰায়, শিশু সুৰক্ষা বিষয়া মিচাটো নুমাটা, ইউনিচেফ অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰতিনিধি দলৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মীনাৰায়ণ নন্দ, শিশু সুৰক্ষা বিষয়া ইভাঞ্জেলিন ডি. মনোহৰ আৰু শিশু সুৰক্ষা বিষয়া অলংকৃতা গৌতমে অংশগ্ৰহণ কৰে।
আলোচনা কালত প্ৰতিনিধি দলটোৱে জিলা আয়ুক্তৰ সৈতে জিলাখনৰ সামগ্ৰিক শিশু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা, বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় উন্নত কৰা আৰু শিশুসকলৰ নিৰাপত্তা, যত্ন তথা সৰ্বাংগীণ কল্যাণ সুনিশ্চিত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। এই গুৰুত্বপূৰ্ণ মতবিনিময়ৰ সময়ছোৱাত অতিৰিক্ত জিলা আয়ুক্ত কমল জিৎ শৰ্মা আৰু জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্যও উপস্থিত থাকে।
লগতে পঢ়কঃ অসম চৰকাৰৰ ব্যাপক প্ৰশাসনিক ৰদবদল

