নিউজ ডেস্ক: অসম-অৰুণাচল  সীমান্তত সোমবাৰে সংঘটিত হয়  ভয়ংকৰ গুলীচলনাৰ ঘটনা। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত ৮ গৰাকীকৈ অসমীয়া আহত হোৱা  ভয়ংকৰ গুলীচালনাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অৰুণাচলৰ দুৰ্বৃত্তৰ গুলীত অসমৰ কেইবাগৰাকী লোক আহত হোৱা এই ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়াৰ লগতে উত্তেজনা হ্ৰাস কৰি দ্ৰুত ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে ড: শৰ্মাই।


ধেমাজি জিলাৰ মিঙমাং বস্তিত অসম-অৰুণাচল সীমান্তত ভূমি দখল সম্পৰ্কীয় বিবাদৰ পৰিপ্ৰেক্ষিতত অৰুণাচলৰ পৰা অহা দুৰ্বৃত্তই অসমৰ বাসিন্দাসকলৰ ওপৰত ইচ্ছাকৃতভাৱে গুলীচালনা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন মহলে। এই ঘটনাত ৮ গৰাকী অসমীয়া লোক আহত হোৱা বুলিও জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত সঞ্জয় টায়ুং, দুৰ্গেশ্বৰ পাতিৰ, ৰোহিত ডলে, নগৰাজ ডলে, পামে পেগু, উৎপল ডলে, জান ডলে আৰু বিগ্নেশ্বৰ পাতিৰ বুলিও জানিব পৰা গৈছে। আহতসকলক প্ৰথমে গোগামুখ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত সাতগৰাকীক জটিল অৱস্থাত ধেমাজি চিভিল হাস্পাতাললৈ স্থানান্তৰ কৰা হৈছে।


এই ভয়ংকৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে। ডি জি পিও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল’ব লাগিব। মই অসম আৰক্ষীক নিৰ্দেশ দিছোঁ কোনো কাৰণতে যাতে অসমৰ মাটি আমি কতো এৰি দিবলগীয়া নহয়। অৰুণাচলীৰ দুৰ্বৃত্তৰ গুলীত আহত হোৱা অসমৰ আটাইকেইগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।”


মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ জনাইছে যে সীমান্তত শান্তি বজাই ৰখাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসন আৰু আৰক্ষীৰ মাজত সমন্বয় অব্যাহত থাকিব। লগতে অসমৰ ভূমিৰ সুৰক্ষাৰ প্ৰতি কোনো আপোচ নকৰাৰ কথাও তেওঁ দৃঢ়ভাৱে প্ৰকাশ কৰে। ঘটনাস্থলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। 


এই ঘটনাই পূৰ্বৰে পৰা চলি অহা অসম-অৰুণাচল সীমান্ত বিবাদৰ প্ৰেক্ষাপটত নতুন উত্তেজনাৰ সৃষ্টি কৰিছে। যদিও দুয়োখন ৰাজ্যৰ মাজত সীমান্ত সমস্যা সমাধানৰ বাবে আলোচনা আৰু কিছুমান ক্ষেত্ৰত চুক্তি হৈছে, তথাপি মাজে মাজে এনে সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ আহিছে। চৰকাৰে আহতসকলৰ চিকিৎসাৰ লগতে ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস দিছে।


অসম আৰক্ষীয়ে সীমান্ত অঞ্চলত অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সজাগতা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।