নগাঁও : যোৱা ২৮ জুনত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা জিলা ভিত্তিক বাছনি শিবিৰৰ পৰা চূড়ান্তভাৱে নিৰ্বাচিত হোৱা নগাঁও জিলাৰ ২৪ গৰাকী প্ৰতিভাৱান পেৰা খেলুৱৈৰ দলটোৱে আজি গুৱাহাটী অভিমুখে যাত্ৰা কৰে। অহা ১৭ আৰু ১৮ আগষ্টত গুৱাহাটীৰ সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ ‘৬ষ্ঠ সদৌ অসম পেৰা স্পৰ্টছ মিট, গুৱাহাটী ২০২৬’ (6th All Assam Para Sports Meet 2026) ত নগাঁও জিলাক প্ৰতিনিধিত্ব কৰিব আকাশ চুবৰ সপোন বুকুত বান্ধি ওলাই যোৱা এই ক্ৰীড়াবিদসকলে।


আজি নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ খেলপথাৰত এক উষ্ম পৰিৱেশত বিশেষভাৱে সক্ষম ২৪ গৰাকী প্ৰতিভাৱান পেৰা খেলুৱৈৰ দলটোক ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। খেলুৱৈসকলৰ সৈতে দলীয় তত্ত্বাৱধায়ক হিচাপে যাত্ৰা কৰিছে বংকিমা চক্ৰৱৰ্তী, অজয় শৰ্মা, প্ৰত্যুষ প্ৰতিম বৰা, ঋসভ জাজোদিয়া, অনিৰূদ্ধ কূৰ্মী, ৰূদ্ৰ বৰা আৰু সুমিত শৰ্মাই।



খেলুৱৈৰ দলটোক শুভ যাত্ৰাৰ বিদায় সম্ভাষণ জনাবৰ বাবে খেলপথাৰত উপস্থিত আছিল নগাঁও জিলা পেৰা ক্ৰীড়া সন্থাৰ সভাপতি অমিতাভ বৰা, উপ-সভাপতি শ্যামন্ত দাস, সাধাৰণ সম্পাদক দুৰ্লভ পৱন বৰুৱা, কোষাধ্যক্ষ জোন ৰাজখোৱা, সমন্বয়ৰক্ষী বিষয়া মনোজ কুমাৰ লস্কৰ আৰু নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন দাস।


উল্লেখ্য যে, ‘পেৰালিম্পিক এছ’চিয়েচন অৱ আছাম’ৰ মুখ্য পৃষ্ঠপোষক, বিশিষ্ট সমাজকৰ্মী ৰিণিকি ভূঞা শৰ্মা আৰু সন্থাৰ সম্পাদক ৰাজীৱ দেৰ বিশেষ প্ৰেৰণা তথা জিলা পেৰা ক্ৰীড়া সন্থাৰ নিৰন্তৰ প্ৰচেষ্টাত জিলাখনৰ পেৰা ক্ৰীড়াবিদসকলে নিজৰ ক্ৰীড়া প্ৰতিভা ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শন কৰাৰ বাবে এক সোণালী সুযোগ লাভ কৰিছে। শাৰীৰিক প্ৰত্যাহ্বানক নেওচি কেৱল অদম্য আত্মবিশ্বাসক সাৰথি কৰি ৰাজ্যিক ক্ৰীড়াংগনত নগাঁৱৰ নাম উজ্জ্বল কৰিবলৈ ওলাই যোৱা প্ৰতিগৰাকী খেলুৱৈ আৰু অফিচিয়েলসকলক জিলাবাসী তথা ক্ৰীড়াপ্ৰেমী ৰাইজে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।