নগাঁও : বাল্যবিবাহ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। বাল্যবিবাহ প্ৰতিৰোধৰ বাবে চলি থকা সামূহিক প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। 


সভাখনত মূলতঃ ‘বাল্যবিবাহ প্ৰতিৰোধ আইন, ২০০৬’ ৰ আইনী ব্যৱস্থা আৰু শাস্তিৰ দিশসমূহৰ ওপৰত আলোকপাত কৰা হয়। ইয়াৰ উপৰি, বাল্যবিবাহ প্ৰতিৰোধ বিষয়া সকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় আৰু যিকোনো ঘটনাৰ সময়মতে প্ৰতিবেদন দাখিল, সত্যতা নিৰূপণ তথা পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। প্ৰতিৰোধমূলক ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰিবলৈ জিলা শিশু সুৰক্ষা বিষয়া, বাল্যবিবাহ প্ৰতিৰোধ বিষয়া, আৰক্ষী, খণ্ড উন্নয়ন বিষয়া আৰু গাঁও পৰ্যায়ৰ অংশীদাৰসকলৰ মাজত সুদৃঢ় সমন্বয় ৰক্ষা কৰাৰ আৱশ্যকতাৰ বিষয়ে সভাত উল্লেখ কৰা হয়। একেদৰে, তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধি কৰা, গ্ৰাম্য তথা স্পৰ্শকাতৰ অঞ্চলসমূহৰ ওপৰত বিশেষ চকু দিয়া আৰু গাঁও পৰ্যায়ৰ কমিটিসমূহ সক্ৰিয় কৰি তোলাৰ বিষয়েও বিষদভাৱে আলোচনা কৰা হয়। সভাত সহকাৰী আয়ুক্ত  শিখা নাথ, উপ-আৰক্ষী অধীক্ষক পৰমিতা চৰকাৰ,  জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্যৰ উপৰিও জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল, জিলা শিশু সুৰক্ষা গোটৰ বিষয়াববীয়াসকল আৰু বেচৰকাৰী সংস্থা এন‌ইএইড তথা কোশী লোক মঞ্চৰ প্ৰতিনিধিবৃন্দই অংশগ্ৰহণ কৰে। 


সভাখনত কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ এক বিশেষ পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়, যাৰ অধীনত যিবোৰ গাঁৱত এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বাল্যবিবাহ সম্পৰ্কীয় কোনো এফ.আই.আৰ. বা অভিযোগ পঞ্জীয়ন হোৱা নাই, সেই গাঁওসমূহক উচিত সত্যতা নিৰূপণৰ পিছত “বাল্যবিবাহ মুক্ত গাঁও” হিচাপে ঘোষণা কৰা হ’ব। 


প্ৰতিখন গাঁও, জিলা আৰু অৱশেষত সমগ্ৰ অসমক বাল্যবিবাহৰ অভিশাপৰ পৰা মুক্ত কৰাৰ বাবে সমাজৰ সক্ৰিয় অংশগ্ৰহণ, সময়োপযোগী পদক্ষেপ আৰু ধাৰাবাহিক নিৰীক্ষণ নিশ্চিত কৰাৰ এক উমৈহতীয়া সংকল্পৰে সভাৰ সামৰণি পৰে।