নতুন দিল্লী: বিগত দুটা কাৰ্যকাল একেৰাহে কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা সমষ্টি এইবাৰ দখল কৰিবলৈ সক্ষম হ'ল শাসকীয় দল বিজেপিয়ে। বিজেপিৰ প্ৰাৰ্থী হিচাপে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত সাংসদ হিচাপে বিজয়ী হৈ প্ৰথমবাৰৰ বাবে দিল্লীৰ সংসদ ভৱনত উপস্থিত হয় নগাঁৱৰ সাংসদ দেৱাশীষ শৰ্মা। প্ৰথমবাৰৰ বাবে সংসদ ভৱনত্ত উপস্থিত হোৱা সাংসদ দেৱাশীষ শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। নগাঁৱৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত নিৰ্বাচনী প্ৰক্ৰিয়াটোত দেৱাশীষ শৰ্মা জড়িত হৈ অৱশেষত নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি সাংসদ ৰকিবুল হুছেইনে উখাপন কৰা অভিযোগ সন্দৰ্ভত নতুন দিল্লীৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ৰকিবুল হুছেইনক তীৱ কটাক্ষ কৰিলে সাংসদ দেৱাশীষ শৰ্মাই। সাংসদ ৰকিবুল হুছেইনক দেশৰ সংবিধানখন পুনৰ এবাৰ অধ্যয়ন কৰিবলৈ আহ্বান জনাই সাংসদ দেৱাশী শৰ্মাই কয়, "এই বিষয়টোক লৈ ৰকিবুল হুছেইনে ইমান দিনৰ পৰাই চিঞৰ বাখৰ কৰি আছে। কিন্তু আমাৰ সংবিধানখন সুৰক্ষা দিয়া ন্যায়ালয়ৰ কাষ চপা নাই। ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰথমে সংবিধানখন ভালকৈ অধ্যয়ন কৰি লওক। অসাংবিধানিক যদি কিবা এটা হৈছে তেন্তে তেওঁ ন্যায়ালয়ৰ কাষ চাপিব লাগিছিল। কিন্তু সেয়া আজিলৈকেতো কৰা নাই। অনাগত দিনত ইয়াৰ প্ৰত্যুত্তৰ কেনেধৰণে দিব লাগে আমি জানো।"
এগৰাকী চৰকাৰী আমোলাৰ পৰা ৰাজনীতিলৈ অহা সন্দৰ্ভত সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত সাংসদ দেৱাশিষ শৰ্মাই কয়, " ৰাজনীতিৰ প্ৰতি মই ছাত্ৰ জীৱনৰ পৰাই আকৰ্ষিত আছিলোঁ। কিন্তু এনেকৈ হঠাৎ সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰাটো ভাগ্য বুলিয়েই ভাবিছোঁ। য'ত নগাঁও মৰিগাঁওবাসীৰ মৰম আৰু মোৰ প্ৰতি প্ৰকাশ কৰা আস্থাই মোৰ দায়িত্ব অধিক গধুৰ কৰি তুলিছে।"
ইপিনে, জেন জি সন্দৰ্ভতো মন্তব্য কৰি সাংসদ দেৱাশী শৰ্মাই কয়, " নতুন প্ৰজন্ম হৈছে আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোকক কোনোবাই ভুল পথে পৰিচালিত কৰিলেও আমি তেওঁলোকক বুজাব লাগিব। নিশ্চয় তেওঁলোকেও এদিন বুজি পাব।"
তিনিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱা সাংসদ দেৱাশী শৰ্মাই শুক্ৰবাৰ অৰ্থাৎ আজি সন্ধিয়া দিল্লী ত্যাগ কৰি নিশাৰ ভাগত পুনৰ অসমত উপস্থিত হ'ব বুলিও জানিব পৰা গৈছে।