নগাঁও: নিচাযুক্ত দ্ৰব্যৰ অপকাৰিতা আৰু ইয়াৰ ভয়াৱহ সামাজিক প্ৰভাৱৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা। সভাখনত জিলা স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন, জনকল্যাণ বিভাগৰ লগতে নগাঁও আৰক্ষীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
সভাত উপস্থিত ৰাইজক নিচাযুক্ত দ্ৰব্যৰ ভয়াৱহতা, ইয়াৰ ফলত ব্যক্তি, পৰিয়াল তথা সমাজৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱৰ বিষয়ে বিস্তৃতভাৱে সজাগ কৰা হয়। নিচাৰ আসক্তিয়ে কেনেদৰে এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষতি কৰাৰ লগতে পাৰিবাৰিক অশান্তি, সামাজিক সমস্যাৰ সৃষ্টি কৰে, সেই সন্দৰ্ভতো আলোকপাত কৰা হয়।
নিচাৰ কৱলৰ পৰা নিজকে আৰু পৰিয়ালৰ সদস্যসকলক আঁতৰাই ৰখাৰ উপায়, নিচাৰ প্ৰতি আসক্ত ব্যক্তিক উপযুক্ত চিকিৎসা আৰু পৰামৰ্শৰ জৰিয়তে সুস্থ জীৱনলৈ ঘূৰাই অনাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সভাত আলোচনা কৰা হয়।
বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি যুৱ সমাজক নিচাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হয়। লগতে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত পৰিয়াল, শিক্ষানুষ্ঠান, প্ৰশাসন আৰু সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰা হয়।
ইয়াৰ পিছতে নিচামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে উলিওৱা হয় এক সজাগতামূলক ৰেলী। ৰেলীটোৰ জৰিয়তে ৰাইজৰ মাজত নিচামুক্ত সমাজ গঢ়াৰ বাৰ্তা প্ৰচাৰ কৰাৰ লগতে নিচাৰ বিৰুদ্ধে সামাজিক সচেতনতা গঢ়ি তোলাৰ প্ৰয়াস কৰা হয়।
ৰেলীটোৰ জৰিয়তে যুৱ প্ৰজন্মক নিচাৰ কবলৰ পৰা মুক্ত কৰি এক সুস্থ, সবল আৰু সচেতন সমাজ গঢ়ি তোলাৰ বাবে সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হয়। নিচামুক্ত ভাৰত গঢ়াৰ এই অভিযানত ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আয়োজকসকলে।