গুৱাহাটী : গুৱাহাটী মহানগৰীত পাঁচজনকৈ লোকক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যু হয় আৰক্ষীৰ গুলীত। শিৱসাগৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা ঘনকান্ত গগৈৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।

প্ৰাপ্ত তথ্য অনুসৰি, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা ঘাতক ঘনকান্ত গগৈক মঙলবাৰে নিশা আন এটা গোচৰৰ তদন্তৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ঘনকান্ত গগৈক শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ থানালৈ লৈ গৈছিল। সেই সময়তে ফুলপানীচিগাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

আৰক্ষীৰ গাড়ীত গৈ থকা অৱস্থাত ঘনকান্ত গগৈয়ে আৰক্ষী উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পৰা পিষ্টল কাঢ়ি লৈ আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ উদ্দেশ্যে তেওঁ এই গুলীচালনা কৰা বুলি জানিব পৰা গৈছে।

ঘনকান্ত গগৈৰ গুলীচালনাত আৰক্ষী বিষয়া দেৱাশীষ শৰ্মা আহত হয়। লগতে আৰক্ষীৰ গাড়ীখনতো দুটাকৈ গুলী লাগে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ দলটোৱে প্ৰত্যাক্ৰমণ কৰে। লগে লগে প্ৰাণ ৰক্ষাৰ উদ্দেশ্যে আৰক্ষীয়েও গুলীচালনা কৰে। আৰক্ষীৰ গুলীত ঘনকান্ত গগৈ গুৰুতৰভাৱে আহত হয়।

ইয়াৰ পিছতে আহত ঘনকান্ত গগৈক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় পাঁচজনকৈ লোকক গুলীয়াই হত্যা কৰি ঘাতক আখ্যা পোৱা ঘনকান্ত গগৈ। 

গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচজনকৈ লোকৰ মৃত্যুৰ পিছতে ঘনকান্ত গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য।

শিৱসাগৰত আৰক্ষীৰ জিম্মাৰ পৰা মঙলবাৰে পুৱতি নিশা পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ঘাতক ঘনকান্ত গগৈৰ মৃত্যু আৰু ঘনকান্তৰ গুলীত এগৰাকী আৰক্ষী বিষয়া আহত হোৱা ঘটনাই পুনৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ।