নগাঁও: শনিবাৰে নগাঁও জিলাৰ কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত বিশ্ব আয়'ডিনৰ অভাৱজনীত ৰোগ প্ৰতিৰোধ দিৱস উদযাপন কৰা হয়। উক্ত সভাত প্ৰধান শিক্ষক বিষ্ণুৰাম দাসৰ সভাপতিত্বত বিদ্যালয়ৰ ন'ডেল শিক্ষক  লুলু কলিতা, জিলা সংবাদ বিশেষজ্ঞ, পৰিস্মীতা বুঢ়াগোহাই, কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰবন্ধক, প্ৰাণদ্বীপ কুমাৰ নাথ, ব্লক কমিউনিটি মবিলাইজাৰ, প্ৰবীন হাজোৱাৰী, এল.এইচ. ভি., সামূহিক স্বাস্থ্য বিষয়া, এম. পি. দব্লিও., বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, এ. এন. এম, আশা কৰ্মীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।


বিশ্ব আয়'ডিন প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি উপস্থিত বিষয়ববীয়াসকলে মানৱ শৰীৰত আয়'ডিনৰ  গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বিষদভাৱে আলোচনা কৰে আৰু ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে আয়'ডিন হৈছে শৰীৰৰ বাবে অত্যাৱশ্যকীয় এক পুষ্টি উপাদান, যিয়ে থাইৰয়ড হৰম’ন উৎপাদনত সহায় কৰে। 


শৰীৰত আয়’ডিনৰ অভাৱ হ’লে গৰল ৰোগ, থাইৰয়ডৰ সমস্যা, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধা আদি বিভিন্ন স্বাস্থ্যজনিত সমস্যা দেখা দিয়ে। বিশেষকৈ গৰ্ভৱতী মহিলা, স্তনপান কৰাই থকা মাতৃ আৰু শিশুৰ বাবে পৰ্যাপ্ত আয়’ডিনৰ অতি প্ৰয়োজনীয়। 


সেয়েহে আমি সদায় আয়’ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে আৰু নিমখ বন্ধ পাত্ৰত পৰিষ্কাৰকৈ ৰাখিব লাগে। ইয়াৰোপৰি ৰন্ধন প্ৰক্ৰিয়াৰ শেষৰ ফালেহে নিমখ যোগ কৰিব লাগে যাতে নিমখত থকা আয়'ডিনৰ পৰিমাণ হ্ৰাস নহয়।