নগাঁও: সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংসদ ভৱনত উপস্থিত হৈ এক বিশেষ অভিজ্ঞতাৰ সাক্ষী হ’ল নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেৱাশীষ শৰ্মা। সংসদৰ মজিয়াত প্ৰথমটো খোজ দিয়াৰ এই বিশেষ ক্ষণতে তেওঁক সংসদ ভৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে চিনাকি কৰাই দিয়া হয়। ইয়াৰ ভিতৰত বিশেষভাৱে চৰ্চিত হৈ পৰে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু গণতান্ত্ৰিক ইতিহাসৰ বহু স্মৃতি বিজড়িত সংসদ ভৱনৰ বিখ্যাত চেণ্ট্ৰেল হল (Central Hall) পৰিদৰ্শনৰ মুহূৰ্ত।

ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি থকা চেণ্ট্ৰেল হলত উপস্থিত হৈ আৱেগিক হৈ পৰে সাংসদ দেৱাশীষ শৰ্মা। তেওঁক দেখুওৱা হয় হলটোৰ ঐতিহাসিক পডিয়াম (Podium), যাৰ সৈতে জড়িত হৈ আছে ভাৰতৰ স্বাধীনতা লাভৰ এক গৌৰৱোজ্জ্বল অধ্যায়। ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা ব্ৰিটিছ শাসনৰ অৱসান ঘটাই ভাৰতে স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক ক্ষণত এই স্থানৰ পৰাই দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰদান কৰিছিল তেওঁৰ বিশ্ববিখ্যাত ভাষণ ‘Tryst with Destiny’। ভাৰতৰ স্বাধীনতাৰ ঐতিহাসিক মুহূৰ্তৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এই স্থানত থিয় হোৱাৰ সুযোগ লাভ কৰি স্বাভাৱিকতেই আপ্লুত হৈ পৰে নগাঁৱৰ সাংসদগৰাকী।

এই ঐতিহাসিক স্থানত উপস্থিত হৈ নিজৰ অনুভৱ ব্যক্ত কৰি সাংসদ দেৱাশীষ শৰ্মাই কয়,  “ভাৰতবৰ্ষৰ সোণালী ইতিহাসৰ বহু স্মৃতি সাঙুৰি ৰখা লোকসভা ভৱনৰ চেণ্ট্ৰেল হলৰ ইতিহাসপ্ৰসিদ্ধ পডিয়ামৰ ওচৰত থিয় হৈ মই আৱেগিক হৈ পৰিছোঁ। এনে এখন ঐতিহাসিক স্থানত উপস্থিত হ’ব পৰাটো মোৰ বাবে পৰম সৌভাগ্যৰ বিষয়। এয়া সম্ভৱ হৈছে কেৱল নগাঁও আৰু মৰিগাঁও জিলাৰ ৰাইজে দিয়া মৰমৰ বাবে। ৰাইজৰ মৰম আৰু আস্থা অনাগত দিনতো যাতে অটুট ৰাখিব পাৰোঁ, তাৰ বাবে এই পবিত্ৰ স্থানৰ পৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।"

উল্লেখযোগ্য যে, সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংসদ ভৱনত উপস্থিত হোৱা দেৱাশীষ শৰ্মাই এই সময়ছোৱাতে লাভ কৰে সাংসদ হিচাপে তেওঁৰ আনুষ্ঠানিক পৰিচয় পত্ৰ। নতুন দায়িত্বৰ আৰম্ভণিতে সংসদ ভৱনৰ ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন আৰু সাংসদৰ পৰিচয় পত্ৰ লাভৰ এই মুহূৰ্ত তেওঁৰ ৰাজনৈতিক জীৱনৰ এক স্মৰণীয় অধ্যায় হিচাপে বিবেচিত হৈছে।

এফালে দেশৰ গণতান্ত্ৰিক ইতিহাসৰ সাক্ষী চেণ্ট্ৰেল হলৰ ঐতিহ্য, আনফালে নগাঁও আৰু মৰিগাঁওবাসীৰ মৰম-আস্থাৰ প্ৰতি কৃতজ্ঞতা—এই দুই অনুভৱৰ সমাহাৰেৰে সংসদ ভৱনত নিজৰ প্ৰথম উপস্থিতিক স্মৰণীয় কৰি ৰাখিলে সাংসদ দেৱাশীষ শৰ্মাই।