নগাঁও: ধিঙৰ চৰাঞ্চলত দীৰ্ঘদিন ধৰি চলি অহা বুলি অভিযোগ উঠা ভূ-মাফিয়া আৰু দেৱানী মাতাব্বৰী ৰাজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা। স্থানীয় ৰাইজৰ একাধিক অভিযোগৰ ভিত্তিত চৰাঞ্চল পৰিদৰ্শন কৰি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ভূ-মাফিয়া বুলি অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছতেই এক্সন মোডত নামি পৰিছে ধিং আৰক্ষী।
জিলা আয়ুক্তৰ নিৰ্দেশৰ পাছতেই ধিঙৰ চৰাঞ্চলত বৃহৎ অভিযান চলাই আৰক্ষীয়ে দুই অভিযুক্ত ভূ-মাফিয়া তথা দেৱানী মাতাব্বৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত অভিযুক্ত মাতব্বৰ হৈছে মহখুটি অঞ্চলৰ আবুল বাশ্বাৰ আৰু মাজো চৰৰ আব্দুল হাকিম। ইফালে, এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা হাৰুণ আল ৰচিদ, ফাইজুদ্দিনসহ আন কেইবাজনো ব্যক্তি বৰ্তমানেও পলাতক হৈ আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
উল্লেখ্য যে, ধিঙৰ চৰাঞ্চলত একাংশ ভূ-মাফিয়াই দীৰ্ঘদিন ধৰি সমান্তৰাল চৰকাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, চৰাঞ্চলৰ প্ৰায় চাৰি হাজাৰ বিঘা ভূমিৰ ওপৰত একাংশ প্ৰভাৱশালী ভূ-মাফিয়াই অবৈধ নিয়ন্ত্ৰণ স্থাপন কৰি দৰিদ্ৰ কৃষকসকলৰ পৰা গুণ্ডাকৰ আদায় কৰি আহিছিল।
স্থানীয় ৰাইজৰ অভিযোগ মতে, চৰাঞ্চলত মাটিৰ দখল বজাই ৰাখিবলৈ বহু দৰিদ্ৰ কৃষকে প্ৰতি বিঘা মাটিৰ বাবদ বছৰি তিনি হাজাৰৰ পৰা পাঁচ হাজাৰ টকাকৈ সংশ্লিষ্ট ভূ-মাফিয়া চক্ৰক দিবলগীয়া হৈছিল। এইদৰে বছৰ বছৰ ধৰি কৃষক-ৰাইজৰ পৰা লাখ লাখ টকা অবৈধভাৱে সংগ্ৰহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।
স্থানীয় লোকসকলৰ অভিযোগৰ ভিত্তিতেই দেওবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ধিঙৰ বিভিন্ন চৰাঞ্চল পৰিদৰ্শন কৰে। চৰাঞ্চলৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অভিযোগ আৰু সমস্যাসমূহৰ বুজ লয় জিলা আয়ুক্তগৰাকীয়ে। পৰিদৰ্শনৰ সময়ত ভূ-মাফিয়া আৰু অবৈধ দেৱানী-মাতাব্বৰী ব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ।
জিলা আয়ুক্তগৰাকীয়ে স্পষ্টভাৱে সকীয়াই দিয়ে যে, আজিৰে পৰা ধিঙৰ চৰাঞ্চলত কোনো ব্যক্তি বা গোটে আইনক হাতত লৈ মাতাব্বৰী ৰাজ চলাব নোৱাৰিব। চৰাঞ্চলত কোনো ধৰণৰ অবৈধ কৰ সংগ্ৰহ, ভূমি দখল, ভয়-ভাবুকি বা দৰিদ্ৰ কৃষকক হাৰাশাস্তি কৰাৰ অভিযোগ পোৱা গ’লে সংশ্লিষ্টসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।
লগতে, ধিং থানাৰ আৰক্ষী বিষয়াক ভূ-মাফিয়া বুলি অভিযুক্ত আবুল বাশ্বাৰ, আব্দুল হাকিম, হাৰুণ আল ৰচিদ আৰু ফাইজুদ্দিনক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ নিৰ্দেশ প্ৰদান কৰে জিলা আয়ুক্তগৰাকীয়ে। জিলা আয়ুক্তৰ এই কঠোৰ নিৰ্দেশৰ পাছতেই ধিং আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
অভিযোগ অনুসৰি, ধৃত আবুল বাশ্বাৰ আৰু আব্দুল হাকিমৰ লগতে আন কেইবাজনো ভূ-মাফিয়া তথা দেৱানী মাতাব্বৰে একাংশ কুখ্যাত দালালৰ সৈতে মিলি বিগত কেইমাহমান ধৰি ধিঙৰ চৰাঞ্চলত ভূমি বেদখল, অবৈধ গুণ্ডাকৰ সংগ্ৰহ আৰু দেৱানী-মাতাব্বৰী ৰাজত্ব চলাই আহিছিল।
ইয়াৰ পূৰ্বেও চৰাঞ্চলৰ দৰিদ্ৰ কৃষক-ৰাইজৰ পৰা লাখ লাখ টকা গুণ্ডাকৰ আদায় কৰাৰ অভিযোগত আবুল বাশ্বাৰক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে। পুনৰ এই ঘটনাক কেন্দ্ৰ কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ অধিক তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
বৰ্তমান ধিং আৰক্ষীয়ে ধৃত আবুল বাশ্বাৰ আৰু আব্দুল হাকিমক মাৰাথান জেৰাৰ জৰিয়তে এই চক্ৰটোৰ সৈতে জড়িত আন ব্যক্তিসকল, অবৈধ গুণ্ডাকৰ সংগ্ৰহৰ পৰিমাণ, ভূমি বেদখলৰ অভিযোগ আৰু সম্ভাৱ্য দালাল চক্ৰৰ বিষয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে।
ইফালে, পলাতক হাৰুণ আল ৰচিদ, ফাইজুদ্দিনসহ আন অভিযুক্তসকলক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই স্পষ্ট কৰি দিয়ে যে, ভৱিষ্যতে কোনো ব্যক্তি বা গোটে চৰাঞ্চলত এনেধৰণৰ অবৈধ কাৰ্যকলাপ চলাই দৰিদ্ৰ কৃষক-ৰাইজক হাৰাশাস্তি কৰিলে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহ’ব। চৰাঞ্চলত আইন-শৃংখলা বজাই ৰখাৰ লগতে দৰিদ্ৰ কৃষকসকলৰ ভূমি-অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন কঠোৰ হ’ব বুলিও তেওঁ স্পষ্ট বাৰ্তা দিয়ে।
জিলা আয়ুক্তৰ কঠোৰ নিৰ্দেশ আৰু তাৰ পাছতেই ধিং আৰক্ষীৰ এই তৎপৰ অভিযানক লৈ চৰাঞ্চলৰ স্থানীয় ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছে। বহুদিন ধৰি চলি অহা বুলি অভিযোগ উঠা অবৈধ গুণ্ডাকৰ সংগ্ৰহ, ভূমি বেদখল আৰু দেৱানী-মাতাব্বৰী ৰাজৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।