গুৱাহাটী: গুৱাহাটীৰ সমীপৰ ডিগাৰুত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ডিগাৰু ৰে’ল ষ্টেচনত লাইনচ্যুত হয় কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিনসহ কেইবাটাও ডবা। বুধবাৰে পুৱা প্ৰায় ৬ বাজি ৫৪ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা। হঠাৎ ৰে’লগাড়ীখনৰ কেইবাটাও দবা ৰে’লপথৰ পৰা আঁতৰি যোৱাত যাত্ৰীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ১৩১২৫ নম্বৰৰ কলকাতা–ছাইৰাং এক্সপ্ৰেছখন ডিগাৰু ৰে’ল ষ্টেচনত আন এখন ৰে’লক অগ্ৰাধিকাৰ দিবলৈ ষ্টেচনত প্ৰৱেশ কৰোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰে জানিব পৰা মতে, ৰে'লখনৰ ইঞ্জিনৰ লগতে পাঁচটা ডবা লাইনচ্যুত হয়।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত হুৱাদুৱা লাগে। ৰে'লৰ ভিতৰত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। কেইবাগৰাকীও যাত্ৰী আহত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যদিও ৰেল বিভাগৰ সূত্ৰে জনোৱা মতে, বিশেষ কোনো আঘাতপ্ৰাপ্ত হোৱা কোনো যাত্ৰীৰ। ৰেলখন ষ্টেচনত ৰখোৱাৰ বাবে গতিবেগ যথেষ্ট কম আছিল। যাৰ বাবে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলিও ৰেল বিভাগৰ সূত্ৰত প্ৰকাশ।
ইফালে, দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । ৰেল বিভাগৰ দলটোৱে যাত্ৰীসকলৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত ৰে'লপথত মেৰামতি তথা পুনৰুদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰে। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত ৰে'লখনৰ যাত্ৰীসকলক বিকল্প ৰে'লৰ জৰিয়তে গন্তব্যস্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰিছে।
ৰে'লৱেৰ প্ৰাৰম্ভিক খবৰৰ অনুসৰি, আন এখন ৰে'লক অগ্ৰাধিকাৰ দিবলৈ কলকাতা–ছাইৰাং এক্সপ্ৰেছখন ডিগাৰু ষ্টেচনত প্ৰৱেশ কৰোৱাৰ সময়তেই দুৰ্ঘটনা সংঘটিত হয়।
উল্লেখ্য যে, গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত সংঘটিত এই ৰে'ল দুৰ্ঘটনাই স্বাভাৱিকতে ৰে'লযাত্ৰীৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।