নগাঁও: উৎসৱৰ প্ৰকৃত আনন্দ যে কেৱল নিজৰ পৰিয়ালৰ মাজতে সীমাবদ্ধ নাথাকে, বৰং আনৰ মুখত হাঁহি বিৰিঙাই তোলাৰ মাজতো নিহিত থাকে, সেয়াই যেন পুনৰ এবাৰ প্ৰমাণ কৰিলে নগাঁৱৰ সাংসদ দেৱাশীষ শৰ্মাই। ব্যতিক্ৰমী পদক্ষেপেৰে এইবাৰ অনাথ শিশুৰ সৈতে দীপাৱলীৰ আনন্দ উদযাপন কৰি চৰ্চালৈ আহিল সাংসদগৰাকী।

নগাঁৱৰ ৰাজ্যিক নাৰী আৰু শিশুগৃহত উপস্থিত হৈ আশ্ৰিত অনাথ শিশুসকলৰ সৈতে একেলগে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰে সাংসদ দেৱাশীষ শৰ্মাই। কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিয়েই দায়িত্ব সামৰা নাছিল সাংসদগৰাকীয়ে। শিশুসকলৰ সৈতে মিলি তেওঁ কটালে এক আনন্দমুখৰ সময়। বিহুৰ ছন্দত শিশুসকলৰ সৈতে নাচি-গাই উৎসৱৰ আনন্দত মতলীয়া হৈ পৰে সাংসদ দেৱাশীষ শৰ্মা।

পোহৰৰ উৎসৱত ৰাজ্যিক নাৰী আৰু শিশুগৃহৰ শিশুসকলৰ মাজত ফটকা আতচবাজী বিতৰণ কৰি একেলগে উদযাপন কৰে পোহৰৰ উৎসৱটি। ফটকা আতচবাজীৰে উখল মাখল হৈ পৰি নগাঁৱৰ আমোলাপট্টিস্থিত ৰাজ্যিক নাৰী আৰু শিশু গৃহ। 

উদযাপনৰ অন্যতম আকৰ্ষণীয় মুহূৰ্ত আছিল প্ৰয়াত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত 'মায়াবিনী'। শিশুসকলৰ সৈতে একেলগে কণ্ঠ নিগৰাই 'মায়াবিনী' গীতটো পৰিৱেশন কৰে সাংসদগৰাকীয়ে। গীত আৰু বিহু নৃত্যৰ মাজেৰে ৰাজ্যিক নাৰী আৰু শিশুগৃহৰ পৰিৱেশ হৈ পৰে উৎসৱমুখৰ। সাংসদগৰাকীৰ এনে আন্তৰিক অংশগ্ৰহণে শিশুসকলৰ মাজতো সৃষ্টি কৰে বিশেষ উৎসাহ আৰু আনন্দৰ পৰিৱেশ।


উল্লেখ্য যে, উৎসৱৰ দিনবোৰত বহু শিশুৱে পৰিয়ালৰ সৈতে আনন্দ উপভোগ কৰাৰ বিপৰীতে অনাথ শিশুসকলৰ বাবে এনে বিশেষ দিনবোৰত আপোনজনৰ অভাৱ অধিককৈ অনুভৱ কৰে। তেনে শিশুসকলৰ সৈতে উৎসৱৰ আনন্দ ভাগ-বতৰা কৰি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই তোলাৰ এই প্ৰয়াসে এক ইতিবাচক বাৰ্তা বহন কৰিছে।

ৰাজনৈতিক ব্যস্ততাৰ মাজতো সমাজৰ বিশেষকৈ অৱহেলিত আৰু আশ্ৰয়ৰ প্ৰয়োজন হোৱা শিশুসকলৰ সৈতে এনেদৰে সময় অতিবাহিত কৰা কাৰ্যই সাংসদ দেৱাশীষ শৰ্মাৰ এক ব্যতিক্ৰমী দিশ প্ৰতিফলিত কৰিছে। পোহৰৰ উৎসৱ দীপাৱলীত কেৱল বন্তি প্ৰজ্বলনেই নহয়, আনৰ জীৱনতো আনন্দৰ পোহৰ বিলাই দিয়াটোৱেই যে উৎসৱৰ প্ৰকৃত সাৰ্থকতা, নগাঁৱৰ সাংসদ দেৱাশীষ শৰ্মাৰ এই ব্যতিক্ৰমী উদযাপনে সেই কথাকে পুনৰ এবাৰ স্মৰণ কৰাই দিলে।

এই কাৰ্যসূচীত সাংসদ দেৱাশীষ শৰ্মাৰ সৈতে উপস্থিত থাকে বিজেপি নেতা মনজ্যোতি বৰা আৰু সমাজকৰ্মী সাগৰ শৰ্মা।