নগাঁও: চামগুৰিৰ পাছত লাহৰীঘাট সমষ্টিতো উপস্থিত হৈ সংখ্যালঘূ ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়া খেলপথাৰত অনুষ্ঠিত বিশাল ৰাজহুৱা সভা সম্বোধন কৰি বিগত উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰি সংখ্যালঘূ সমষ্টিটোৰ উন্নয়নৰ বাবে আন সমষ্টিৰ দৰেই কাম কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। 


এতিয়াৰ পৰা লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ সকলো কাম সাংসদ দেৱাশীষ শৰ্মাই কৰিব বুলি ৰাজহুৱা ঘোষণা কৰি মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “বিগত সময়ত কংগ্ৰেছৰ দখলত থকা বাবেই উন্নয়নত পিছপৰি থকা লাহৰীঘাট সমষ্টিত এতিয়াৰ পৰা উন্নয়নমূলক কাম কৰিম আৰু যদি আমাৰ কাম ভাল পায় তেন্তে আগন্তুক ২০৩১ চনৰ বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক জিকাই দিব। 


লাহৰীঘাট সমষ্টিৰ ৩০ কিলোমিটাৰ পথ অসম মালাৰ অধীনত পকীকৰণ কৰাৰ লগতে ষ্টেডিয়াম নিৰ্মাণকে ধৰি প্ৰয়োজনীয় সকলো কাম কৰা হ’ব বুলিও উল্লেখ কৰে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। 




উচ্ছেদ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবই লাগিব। কিন্তু উচ্ছেদ কৰাৰ ক্ষেত্ৰত কেতিয়াও মুছলমান চাই কৰা নহয়। কিন্তু ভূমিহীন দুখীয়া পৰিয়ালক আমি ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছো। কিন্তু কংগ্ৰেছ চৰকাৰে সদায় সংখ্যালঘূৰ ভোট ললে, কিন্তু কেতিয়াও সংখ্যালঘুৰ ভূমি সমস্যাকে ধৰি কোনো সমস্যাই সমাধান নকৰিলে।” 


ইপিনে, আগত্নক ৫০ বছৰলৈ কংগ্ৰেছ শাসনলৈ নাহে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাহৰীঘাট সমষ্টিৰ পৰাও আগন্তুক দিনত কংগ্ৰেছৰ বিদায় নিশ্চিত বোলিও কংগ্ৰেছক কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। 


প্ৰায় ২০ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিজেপিৰ বিজয় উৎসবত সাংসদ দেৱাশীষ শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীসহ বিজেপিৰ বহুকেইগৰাকী নেতা উপস্থিত থাকে।