নগাঁও: নিৰ্বাচনত জয়লাভ কৰি সাংসদ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে উন্নয়নমূলক কাম-কাজত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে নগাঁও লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ এটা মাহো সম্পূৰ্ণ নৌহওঁতেই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ কাম-কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে সাংসদগৰাকী। নিৰ্বাচনী বিজয়ৰ আনন্দ উদযাপনতে সীমাবদ্ধ নাথাকি জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ লক্ষ্যৰে তেওঁ আৰম্ভ কৰিছে উন্নয়নৰ এক নতুন যাত্ৰা।
নিৰ্বাচনত জয়লাভ কৰাৰ পাছৰে পৰা প্ৰায় বিশ্ৰামবিহীনভাৱে সমষ্টিৰ ৰাইজৰ মাজত সময় অতিবাহিত কৰি আহিছে সাংসদ দেৱাশীষ শৰ্মাই। প্ৰথমে নিৰ্বাচনত বিপুল সমৰ্থন আগবঢ়াই জয়ী কৰোৱা ভোটাৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে সমষ্টিৰ বিভিন্ন প্ৰান্তত ধন্যবাদ যাত্ৰাত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে। ধন্যবাদ যাত্ৰাৰ জৰিয়তে ৰাইজৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰাৰ লগতে তেওঁলোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছিল। ইয়াৰ পাছতেই এইবাৰ সমষ্টিটোৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিভিন্ন জনকল্যাণমূলক আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে সাংসদগৰাকীয়ে।
বিগত কেইবাদিনো ধৰি সমষ্টিৰ বিভিন্ন অঞ্চলত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি অহা সাংসদ দেৱাশীষ শৰ্মাই শনিবাৰেও দিনজোৰা কাৰ্যসূচীৰে ধিং আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ কেইবাটাও অঞ্চলত উপস্থিত হৈ বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে।
শনিবাৰৰ কাৰ্যসূচীৰ আৰম্ভণিতে ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ধিং উন্নয়ন খণ্ডৰ অধীনত ৰূপায়ণ হ'বলগীয়া কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে সাংসদগৰাকীয়ে। অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন, স্থানীয় ৰাইজৰ প্ৰয়োজনীয়তা পূৰণ আৰু উন্নয়নৰ সুবিধাসমূহ তৃণমূল পৰ্যায়লৈ সম্প্ৰসাৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই আঁচনিসমূহৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
ইয়াৰ পাছতে সাংসদগৰাকী উপস্থিত হয় লাহৰীঘাট বিধানসভা সমষ্টিত। লাহৰীঘাট আৰু তিনিচুকীয়া উন্নয়ন খণ্ডৰ অধীনত গ্ৰহণ কৰা আন কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে তেওঁ। সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা আৰু স্থানীয় পৰ্যায়ত উন্নয়নৰ সম্ভাৱনাক আগত ৰাখি এই আঁচনিসমূহ ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰে সাংসদগৰাকীয়ে।
বিশেষভাৱে ধিং বিধানসভা সমষ্টিৰ নিজ ধিং উন্নয়ন খণ্ডৰ অধীনত এটা জিম চেণ্টাৰ স্থাপনৰ বাবেও আধাৰশিলা স্থাপন কৰে সাংসদ দেৱাশীষ শৰ্মাই। যুৱ প্ৰজন্মৰ মাজত শাৰীৰিক চৰ্চা, সুস্থ জীৱনশৈলী আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত এই জিম চেণ্টাৰে সহায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে, শনিবাৰৰ দিনটোত ধিং আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত মুঠ ১৮টাকৈ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে সাংসদ দেৱাশীষ শৰ্মাই। নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে অতি কম সময়ৰ ভিতৰতে সমষ্টিৰ বিভিন্ন প্ৰান্তত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰা কাৰ্যই স্বাভাৱিকতে বিশেষ চৰ্চা লাভ কৰিছে।
ইফালে, সাংসদগৰাকীৰ এনে তৎপৰতাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিটোৰ ভোটাৰ ৰাইজে। নিৰ্বাচনৰ সময়ত জনসাধাৰণৰ সন্মুখত দাঙি ধৰা উন্নয়নৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পাছতো পাহৰি নোযোৱাকৈ বাস্তৱ ক্ষেত্ৰত কাম আৰম্ভ কৰা কাৰ্যক আদৰণি জনাইছে ৰাইজে। বিশেষকৈ ধিং আৰু লাহৰীঘাটৰ দৰে অঞ্চলত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপনে স্থানীয় ৰাইজৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে।
নিৰ্বাচনী বিজয়ৰ পাছতে ধন্যবাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চাপি এইবাৰ উন্নয়নমূলক কাম-কাজৰ জৰিয়তে সমষ্টিৰ পৰিৱৰ্তনৰ লক্ষ্যৰে আগবাঢ়িছে সাংসদ দেৱাশীষ শৰ্মা। এতিয়া আধাৰশিলা স্থাপন কৰা আঁচনিসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ কিমান সোনকালে ৰাইজৰ উপকাৰত আহে, তাৰ প্ৰতিহে দৃষ্টি নিবদ্ধ থাকিব সমষ্টিবাসীৰ।