নগাঁও: নগাঁও জিলাৰ কটহগুৰি মহাবিদ্যালয়ত আজি ‘ড্ৰাগছমুক্ত সমাজ’ শীৰ্ষক এক বিশেষ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই
আজিৰ যুৱ প্ৰজন্মক সঠিক দিশদৰ্শন কৰোৱাৰ বাবে এনে অনুষ্ঠানৰ খুবেই প্ৰয়োজন বুলি মন্তব্য কৰে। অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া প্ৰেৰণাদায়ক ভাষণত নৈতিকতা আৰু মূল্যবোধৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে যুৱ প্ৰজন্মই সদায় উচ্চ চিন্তা আৰু সৎ কৰ্মৰে নিজৰ ভৱিষ্যত গঢ়াৰ পথ প্ৰশস্ত কৰিব লাগে। তেওঁ লগতে সাম্প্ৰতিক সময়ৰ আটাইতকৈ ভয়াৱহ ব্যাধি ড্ৰাগছৰ কুপ্ৰভাৱৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। যুৱ প্ৰজন্মক এই মৰণফান্দৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাই তেওঁ কয় যে এক সুস্থ, সবল তথা ড্ৰাগছমুক্ত সমাজ গঢ়াত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে সক্ৰিয় আৰু দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব।
এই সজাগতামূলক অনুষ্ঠানটিত উত্তৰ-পূব অধিবক্তা পৰিষদৰ সদস্য তথা নগাঁও অধিবক্তা সন্থাৰ প্রাক্তন সভাপতি আবুল হাশেম খন্দকাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰীসকল, ভালেসংখ্যক স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী অনুষ্ঠানটোত উপস্থিত থাকে।