নগাঁও: অসমত চলি থকা ভয়াৱহ বানপানীত হাজাৰ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ উজনি অসমৰ বিভিন্ন জিলাত বহু ছাত্ৰ-ছাত্ৰীৰ ঘৰ-দুৱাৰ, কিতাপ-পত্ৰ আৰু পঢ়াৰ সামগ্ৰী বানত উটি গৈছে। এনে দুৰ্যোগৰ সময়ত মানৱতাৰ পৰিচয় দি শিল্পী তৰালী শৰ্মা আৰু ৰূপম ভূঞাই নগাঁৱত এক বিশেষ সাহায্য সংগ্ৰহ অভিযান আৰম্ভ কৰিছে। গানৰ মাধ্যমেৰে বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ বাবে এই অভিযান চলাইছে শিল্পীৰ দলে।


সুকণ্ঠী শিল্পী তৰালী শৰ্মা আৰু জনপ্রিয় শিল্পী ৰূপম ভূঞাই তেওঁলোকৰ শিল্পী দলৰ সৈতে একত্রিত হৈ বানাক্ৰান্ত শিক্ষাৰ্থীসকলৰ দুখ-কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে। গান গাই, সংগীতৰ মাধ্যমেৰে মানুহৰ মনত সঁহাৰি জগাই তোলাৰ লগতে আৰ্থিক সাহায্য সংগ্ৰহ কৰাৰ এই প্ৰয়াসক বহুতেই প্ৰশংসা কৰিছে। শিল্পীসকলে কৈছে যে, বানত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনা অব্যাহত ৰাখিবলৈ কিতাপ, বহী, স্কুলৰ সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় বস্তু যোগান ধৰাই তেওঁলোকৰ মূল লক্ষ্য।


এই সন্দৰ্ভত শিল্পী তৰালী শৰ্মাই কয়, “আমাৰ এই সুৰে যদি কাৰোবাৰ সপোন পূৰাব পাৰে কাৰোবাৰ আশা পূৰণ কৰিব পাৰে সেই উদ্দেশ্যে আমি ৰাজপথলৈ  গান গাবলৈ ওলাই আহিছোঁ ৰুপম ভূঞা আৰু মই।  আমি গান গাম যদি ভাল লাগে ৰাইজে পইচা দিয়ে  এই ধন আমি সেইসকলৰ বাবে খৰচ কৰিম  যাৰ সপোন বহুত আছিল কিবা কিবি কৰাৰ কিন্তু এতিয়া একো পাৰ পোৱা নাই।”



এই অভিযানৰ জৰিয়তে সংগৃহীত ধন আৰু সামগ্ৰী বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ’ব। শিল্পী তৰালী শৰ্মা আৰু ৰূপম ভূঞাই তেওঁলোকৰ গীতৰ জৰিয়তে শ্ৰোতাৰ মনত সমবেদনা আৰু সহযোগিতাৰ ভাৱ জাগ্ৰত কৰিছে। সংগীতৰ শক্তিৰে মানুহক একগোট কৰি সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে সহায় আগবঢ়োৱাৰ এই উদাহৰণ অতি প্ৰশংসনীয়।


বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগত শিল্পী সমাজে এনেদৰে আগবাঢ়ি অহাটো সমাজৰ বাবে এক ইতিবাচক বাৰ্তা। নগাঁৱৰ জনসাধাৰণেও এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি শিল্পীসকলক সহযোগিতা আগবঢ়াইছে। শিল্পীৰ দলে আশা কৰিছে যে, অধিক মানুহে এই মহৎ কামত সহযোগ কৰি বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলৰ মুখত হাঁহি ঘূৰাই আনিব।


এই সাহায্য সংগ্ৰহ অভিযান অব্যাহত থাকিব আৰু সংগৃহীত সহায় যথাসময়ত প্ৰয়োজনীয় ঠাইলৈ পঠোৱা হ’ব। বানাক্ৰান্তৰ এই দুৰ্দিনত শিল্পী তৰালী শৰ্মা, ৰূপম ভূঞা আৰু তেওঁলোকৰ দলৰ এই মানৱীয় পদক্ষেপে সমাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।