নগাঁও: দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো কালিৰে পৰা আৰম্ভ হৈছে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে অহা ১২ আগষ্টত নগাঁও চহৰৰ পৰা বাইক ৰেলী উলিওৱা হ'ব। আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই বাইক সমদলে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰিভ্ৰমণ কৰি স্বাধীনতা দিৱস উপলক্ষে জনতাৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলাব।
১৩ আগষ্টত এটি সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি ১৪ আগষ্টত বিভাজন বিভিষিকা দিৱস উপলক্ষে সন্ধিয়া মমবাতি লৈ সমদল উলিওৱা হ'ব। তেওঁ কয় যে, স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু বন্দে মাতৰম গীতৰ ডেৰশ বছৰীয়া উপলক্ষত এইবেলিও বিশেষভাবে স্বাধীনতা দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। সেই উদ্দেশ্যে জনতাক সজাগ কৰাৰ উদ্দেশ্যে ৯ আগষ্টৰ পৰাই আৰম্ভ হৈছে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী। তাৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নগাঁৱৰ শ্বহীদ ভৱনত বন্দেমাতৰম প্ৰদৰ্শনী আৰু বিভাজনৰ বিভিষিকাময় সময়ৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে বুলি আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
জিলা আয়ুক্ত গৰাকীয়ে স্বাধীনতাৰ এই অমৃত মহোৎসৱ উপলক্ষে সকলো নাগৰিককে নিজৰ নিজৰ ঘৰত আগতীয়াকৈ একোখন জাতীয় পতাকা আৰি দিবলৈ আহ্বান জনাইছে। ১৫ আগষ্টত নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মূল জিলা ভিত্তিক কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ অনুষ্ঠান। ইয়াত স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱাৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব।
সংবাদমেলত অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো আৰু কমলজিৎ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু সহকাৰী আয়ুক্তসকল উপস্থিত থাকে।