যোৰহাট: বৃহস্পবাৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত জয় শিৱানী মহোদয়ৰ সভাপতিত্বত ২০২৬ চনৰ জুলাই আৰু আগষ্ট মাহৰ এক যৌথ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই বৈঠকত বিভাগীয় কাৰ্যসূচী আৰু পৰ্যালোচনাৰ উদ্দেশ্যসমূহ চমুকৈ ব্যাখ্যা কৰা হয়। সভাখনত 'মুখ্যমন্ত্ৰী ডেচব’ৰ্ড'ৰ (CM Dashboard) বিভিন্ন সূচক আৰু প্ৰগতিৰ মাপকাঠিৰ ভিত্তিত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এক বিশদ পৰ্যালোচনা চলোৱা হয়।


বৈঠকত প্ৰথমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ক্ৰেডিট লিংকেজ আৰু 'প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ' (PMAY-G)ৰ স্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ পিছতে মহিলা আৰু শিশু বিকাশ বিভাগৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ পৰিচালনা আৰু 'প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা'ৰ শেহতীয়া স্থিতি পৰ্যালোচনা কৰা হয়। কৃষি বিভাগৰ 'পি এম কিষাণ' (PM-KISAN) আৰু 'প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা' (PMFBY)ৰ দৰে আঁচনিসমূহৰ অগ্ৰগতি আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ মাতৃ মৃত্যুৰ হাৰ হ্ৰাস কৰা তথা সম্পূৰ্ণ প্ৰতিষেধক প্ৰদানৰ (Full Immunisation) স্থিতি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।


ইয়াৰ উপৰিও, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 'হৰ ঘৰ জল' মিছন, শিক্ষা বিভাগৰ মধ্যাহ্ন ভোজন আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ধান ক্ৰয় প্ৰক্ৰিয়া, বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগৰ আঁচনিসমূহ আৰু লোকনিৰ্মাণ (পথ আৰু গৃহ) বিভাগৰ নিৰ্মাণকাৰ্যৰ বুজ লোৱা হয়।


বৈঠকত লক্ষ্যত উপনীত হ’বলৈ পিছপৰি থকা বিভাগসমূহক জিলা আয়ুক্তগৰাকীয়ে অতি সোনকালে নিজ নিজ বিভাগৰ কাম-কাজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। লগতে ৰাজ্যৰ ভিতৰত যোৰহাট জিলাৰ স্থান আৰু অধিক উন্নত কৰাৰ লক্ষ্যৰে প্ৰতিগৰাকী বিভাগীয় মূৰব্বীকে নিষ্ঠা আৰু সংকল্পৰে কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়।


এই গুৰুত্বপূৰ্ণ বৈঠকত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈ, টীয়ক, মৰিয়নি আৰু তিতাবৰৰ সম-জিলা আয়ুক্তসকল, অতিৰিক্ত জিলা  আয়ুক্তসকল,অতিৰিক্ত আৰক্ষী অধীক্ষক , সহকাৰী আয়ুক্তসকলৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বীসকল উপস্থিত থাকে।