যোৰহাট: দেওবাৰে যোৰহাট আৱৰ্ত ভৱনৰ সভা কক্ষত অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা সমবায় বিভাগৰ  মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়াৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা সমবায় বিভাগৰ উৰ্ধতম বিষয়াসকলৰ সৈতে তিনিওটা বিভাগৰ অধীনত জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।


আলোচনাকালত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত পৌৰ এলেকাৰ সামগ্ৰিক উন্নয়ন, নগৰীয়া আন্তঃগাঁথনি প্ৰকল্পৰ গতি আৰু অনাময় ব্যৱস্থাৰ স্থিতি পুনৰীক্ষণ কৰা হয়। একেদৰে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ 'অন্ন সেৱা দিন' কাৰ্যসূচী আৰু অহা ১০ আগষ্টৰ পৰা হিতাধিকাৰীক ৰাজসাহায্যযুক্ত দাইল আৰু চেনি বিতৰণৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা হয়। বিশেষকৈ যোৰহাট জিলাৰ বানপীড়িত অঞ্চলসমূহত যাতে ৰাইজৰ প্ৰয়োজন অনুসৰি পৰ্যাপ্ত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব পৰা যায়, সেয়া নিশ্চিত কৰিবলৈ মাননীয় মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক বিশেষ নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ উপৰি সমবায় খণ্ডৰ অধিনস্থ জিলাখনৰ সমবায় সমিতিৰ গুদামসমূহৰ কাৰ্যক্ষমতা, খাদ্যসামগ্ৰীৰ মজুত আৰু বিতৰণ ব্যৱস্থাৰ বিষয়েও বৈঠকত বুজ লোৱা হয়।


উক্ত পৰ্যালোচনা বৈঠকত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী, যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়া,  জিলা খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব অনুসূয়া শইকীয়া, AFCSCL-ৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা, স্বচ্ছ ভাৰত মিছনৰ পৰিচালন সঞ্চালক সব্যসাচী কাশ্যপ, পৌৰ প্ৰশাসনৰ সঞ্চালক টংকেশ্বৰ দাস, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী দ্যোতিভা বৰা আৰু যুটীয়া সঞ্চালক বিকাশ দাস, বিভিন্ন পৌৰসভাৰ পৌৰপতিসকল আৰু কাৰ্যবাহী বিষয়াসকলৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।


উল্লেখ্য যে, উক্ত পৰ্যালোচনা বৈঠকৰ উপৰিও মন্ত্ৰীগৰাকীয়ে ঢেকৰগড়াৰ ধান ক্ৰয় কেন্দ্ৰ, সৰুচৰাই গাঁও পঞ্চায়ত সমবায় সমিতি (GPSS), এখন সুলভ মূল্যৰ দোকান আৰু পৌৰসভাৰ অধীনস্থ নেহৰু পাৰ্ক, গান্ধী পাৰ্ককে ধৰি বিভিন্ন প্ৰকল্পৰ কাৰ্যসূচী প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰি স্থিতিৰ বুজ লয়। এই পৰিদৰ্শন কালত সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকলো মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে।