নগাঁও : কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কালাপানী, ডিজু ভেলী চাহ বাগান আৰু লেংপেং চাহ বাগান অঞ্চলত শেহতীয়াকৈ নতুনকৈ উদ্ভৱ হোৱা বানপানীৰ ফলত এই পৰ্যন্ত মুঠ ২০৬ টা পৰিয়ালৰ ৭৩২ গৰাকী লোক প্ৰভাৱিত হৈছে। নগাঁও জিলা তথা কলিয়াবৰ সম জিলা প্ৰশাসন আৰু ৰাজহ চক্ৰৰ বিষয়াসকলে প্ৰভাৱিত অঞ্চলসমূহত ততাতৈয়াকৈ উপস্থিত হৈ জৰুৰীকালীন সাহায্য ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, সোণাৰিবালি আৰু কলিয়াবৰৰ এছ.ডি.আৰ.এফ. আৰু ডি.ডি.আৰ.এফ.ৰ যৌথ উদ্যোগত চলোৱা উদ্ধাৰ অভিযানত মুঠ ২১০ গৰাকী লোকক বিপদশংকুল স্থানৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰি স্থানান্তৰ কৰা হয়।
বানে প্ৰভাৱিত কৰা লোকসকলৰ সুৰক্ষা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শালনা বাপুজী প্ৰাথমিক বিদ্যালয়, ২৩ নং ডিজু ভেলী প্ৰাথমিক বিদ্যালয় আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ত কালি আবেলিয়ে তিনিটা আশ্ৰয় শিৱিৰ স্থাপন কৰা হয়। বৰ্তমান এই শিৱিৰকেইটাত ২০৬ টা পৰিয়ালৰ মুঠ ৭৩২ জন লোকে আশ্ৰয় লৈ আছে। জিলা আৰু সম-জিলা প্ৰশাসনৰ উদ্যোগত সকলো শিৱিৰতে গৰম ৰন্ধা খাদ্য, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, অনাময় ব্যৱস্থা, প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰী আৰু পশু চিকিৎসা সেৱা সুনিশ্চিত কৰা হৈছে। ইয়াৰ উপৰিও শিশু, প্ৰসূতি আৰু কিশোৰীসকলৰ বাবে শিৱিৰসমূহত শিশু অনুকূল স্থান আৰু স্তনপান কেন্দ্র স্থাপন কৰা হৈছে।
ক্ষেত্ৰ বিষয়াসকলে সমগ্ৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। ক্ষেত্ৰভিত্তিক সমীক্ষা অনুসৰি, এই বাঢ়নীপানীত কোনো লোকৰ মৃত্যু, আঘাত বা নিৰুদ্দেশ হোৱাৰ খবৰ পোহৰলৈ অহা নাই। অৱশ্যে পশুধন ব্যাপক মাত্ৰাত প্ৰভাৱিত হৈছে, যাৰ ভিতৰত আছে ২৮৮ টা ডাঙৰ পোহনীয়া জীৱ-জন্তু, ৪৩৬ টা সৰু জীৱ-জন্তু আৰু ১৪১১ টা হাঁহ-কুকুৰা। জিলা প্ৰশাসনে ৰাজহ চক্ৰৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগসমূহৰ সৈতে সমন্বয় ৰাখি সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু প্ৰভাৱিত পৰিয়ালসমূহক সকলো ধৰণৰ প্ৰয়োজনীয় সাহাৰ্য আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
জখলাবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত কুঠৰী আৰু বাঘমাৰী বানাক্ৰান্ত গাঁওসমূহ আজি কৃষি বিভাগৰ তৰফৰ পৰা পৰিদৰ্শন কৰি বানৰ ফলত কৃষিভূমি আৰু শস্যৰ ওপৰত পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ মূল্যায়ন কৰা হয়। এই পৰিদৰ্শনত জখলাবন্ধাৰ কৃষি উন্নয়ন বিষয়া, গাঁও প্ৰধান আৰু অন্যান্য ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকল উপস্থিত আছিল।
পৰিদৰ্শনৰ সময়ত বানপানীৰ ফলত বিভিন্ন কৃষিভূমিত ব্যাপক শস্যৰ ক্ষতি হোৱা পৰিলক্ষিত হয়। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষেত্ৰ পৰ্যায়ত বিশদ মূল্যায়ন কৰি বানত প্লাৱিত হোৱা মাটিৰ পৰিমাণ, শস্যৰ অৱস্থা আৰু ক্ষয়-ক্ষতিৰ মাত্ৰা পৰীক্ষা কৰা হয়। লগতে, দীৰ্ঘদিনীয়া জলাবদ্ধতা আৰু শস্য নষ্ট হোৱাৰ ফলত কৃষকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ সৈতে আলোচনা কৰা হয়।
ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলক ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বিস্তৃত সমীক্ষা চলাই শস্যৰ ক্ষয়-ক্ষতিৰ সঠিক তথ্য সংগ্ৰহ কৰি সময়মতে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হয়, যাতে উপযুক্ত সাহায্য আৰু পুনৰসংস্থাপনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।
লগতে বান পৰিস্থিতিৰ নিয়মীয়া পৰ্যবেক্ষণ অব্যাহত ৰখা আৰু ক্ষতিগ্ৰস্ত কৃষকসকলক সকলোধৰণৰ সম্ভৱ প্ৰযুক্তিগত সহায় আগবঢ়োৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।