কাজিৰঙা : শুক্ৰবাৰে কাজিৰঙাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় ১০ গৰাকীকৈ যাত্ৰীয়ে। সংঘৰ্ষৰ তীব্ৰতা ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
নিয়ন্ত্ৰণহীন গতিত অহা বাহন দুখনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰচণ্ড খুন্দাৰ ফলত ট্ৰেভেলাৰখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। আনহাতে, দুৰ্ঘটনাৰ ফলত কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। কাজিৰঙাৰ ৰঙাজানত সংঘটিত হোৱা দুৰ্ঘটনাত আহত যাত্ৰীসকলক কাজিৰঙাৰ কঁহৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।
এই শোকাৱহ দুৰ্ঘটনাৰ ফলত ১০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা ঘটনাই পুনৰ এবাৰ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
ইফালে, দুৰ্ঘটনাটোৰ কাৰণ, নিহতসকলৰ পৰিচয়, আহতৰ সংখ্যা আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ যাত্ৰাৰ সবিশেষ এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
অবশ্যে যাত্ৰীবাহী ট্ৰেভেলাৰখন যোৰহাটৰ দিশৰ পৰা আহি থকা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত নিহত অথৱা আহতসকলৰ পৰিচয় এই পৰ্য্যন্ত উদ্ধাৰ হোৱা নাই যদিওঁ অধিকাংশ যত্ৰীয়েই যোৰহাটৰ হ’ব বুলি ধাৰণা কৰিছে স্হানীয় লোকসকলে।