গোলাঘাট: কাজিৰঙাৰ বঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলোৱাৰ মাজতে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা ২৬ গৰাকী লোকৰ পৰিচয় পোহৰলৈ আহিছে। প্ৰকাশিত মৃতকৰ তালিকাত আছে নগাঁও, চামগুৰি, বটদ্ৰৱা, ৰঙাপৰা, কাৰ্বি আংলংকে ধৰি বিভিন্ন অঞ্চলৰ লোক। একেটা যাত্ৰাত গৈ চিৰদিনৰ বাবে হেৰাই গ’ল বহু কেইটা পৰিয়ালৰ আপোনজন।
প্ৰকাশিত তথ্য অনুসৰি, দুৰ্ঘটনাটোত নিহত হোৱা লোকসকলৰ ভিতৰত আছে ৰঙাজানৰ বেবী কৰ্মকাৰ, দৰ্পণা মাৰবি, জ্যোতি মাৰবি আৰু পূৰ্ণিমা গোড়ালা। একেদৰে ৰঙাজানৰ অনুৰাগ গোড়ালা, বৰ্ণিতা খাটোৱাৰ আৰু সুশীল ভূমিজেও এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।
নিহতসকলৰ তালিকাত আছে সুজাতা তাঁতী, লক্ষ্মী মাৰবি, দীপাঞ্জলি ৰংফাৰপি, দামিনী ঘাটোৱাৰ আৰু কুঠবীৰ গংগা গোড়ালা। নগাঁৱৰ চামগুৰিৰ ফইজুল ইছলাম আৰু জখলাবন্ধাৰ আব্দুল ৰছিদ আলীৰো মৃত্যু হৈছে এই শোকাৱহ দুৰ্ঘটনাত।
আনহাতে, নগাঁৱৰ কেঁচাআলিৰ সুভাষ দাস (হেণ্ডিমেন) আৰু নত্তম পানীগাঁৱৰ আব্দুল মজিদ (চালক) ৰো মৃত্যু হৈছে দুৰ্ঘটনাটোত। এই দুৰ্ঘটনাত চামগুৰিৰ কাৰ্ৱৈমাৰীৰ ফাৰুক আহমেদ আৰু ছলুঙৰ মীনা মিৰ্ধাৰো মৃত্যু ঘটিছে। চামগুৰিৰ গুলাপী বেগম আৰু কাজিৰঙাৰ ফাৰজানা ইয়াছমিনেও প্ৰাণ হেৰুৱাইছে দূৰ্ঘটনাত।
ইয়াৰ উপৰি নগাঁৱৰ ধূপগুৰীৰ মহম্মদ আলী, ফজলুল আলম আৰু অসীম ফুকন, বঙাপৰাৰ দীপক গুৰুং, মৰাণৰ জয়ন্তী ৰবি দাস আৰু আনগাৰবাকীৰ বিহাৰৰ মধুবনীৰ মহম্মদ ৰফিক আলীয়েও প্ৰাণ হেৰুৱাইছে কাজিৰঙাৰ শোকাবহ পথ দূৰ্ঘটনাত।
উল্লেখ্য যে, কাজিৰঙাৰ ৰঙাজানত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই বহু পৰিয়াললৈ নমাই আনিছে চিৰদিনৰ কান্দোন। একাংশ পৰিয়ালে হেৰুৱাইছে আপোনজনক। দুৰ্ঘটনাটোৰ পিছতে নিহতসকলৰ পৰিচয় প্ৰকাশ পোৱাত নিজ নিজ অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।
মৃতকৰ তালিকাত নগাঁৱৰ চালক আব্দুল মজিদৰ নামো প্ৰকাশ পোৱাত স্থানীয় অঞ্চলতো শোকৰ ছাঁ পৰিছে। জীৱিকাৰ তাড়নাত যাত্ৰা আৰম্ভ কৰা লোকসকলৰ বহুজনৰ বাবে সেই যাত্ৰাই হৈ পৰিল জীৱনৰ শেষ যাত্ৰা।