নগাঁও : চৰকাৰী বিষয়া -কৰ্মচাৰীসকলক ম‌ইবৰ ভাব এৰি ৰাইজৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা লোক কল্যান দিৱসত দিয়া ভাষণত তেওঁ লগতে কয়, আমি সাধাৰণতে দেশৰ পৰা বা চৰকাৰৰ পৰা কি পাইছোঁ, সেই লৈ ব্যস্ত থাকো। কিন্তু নিজে দেশক কি দিছোঁ,সেই বিষয়ে চিন্তা নকৰো। আজি কিছুমান বিষয়া-কৰ্মচাৰীৰ নেতিবাচক আৰু নীতিহীন মানসিকতাৰ বাবে বহুলোক চৰকাৰী কাৰ্যালয়লৈ আহিবলৈ ভয় কৰে বুলি উল্লেখ কৰি তেওঁ তেনে মানসিকতা ত্যাগ কৰিবলৈ আহ্বান জনায়।


 তেওঁ কয় যে, চৰকাৰী কাৰ্যালয়লৈ অহা গাঁৱৰ সাধাৰণ মানুহজনৰ সমস্যাটো আমি আন্তৰিকতাৰে শুনি তাৰ সমাধানৰ চেষ্টাত ব্ৰতী হোৱা উচিত। এইটো মোৰ কাম নহয়, আজি সময় নহ'ব আদি কথাৰে মানুহক অযথা অসুবিধাত পেলোৱাৰ পৰা বিৰত থকা উচিত বুলি তেওঁ মন্তব্য কৰে। এই প্ৰসঙ্গত তেওঁ চন্দ্ৰধৰ বৰুৱাৰ "ধূলিকণা মই" শীৰ্ষক বিখ্যাত কবিতাটোও সুন্দৰকৈ আবৃত্তি কৰে। অনুষ্ঠানত এই বৰ্ষৰ বাবে লোক সেৱক বঁটা প্ৰদান কৰা হয় কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ অতি জ্যেষ্ঠ প্ৰশাসনিক সহায়ক দেৱযানী বৰাক। জিলা আয়ুক্তই তেওঁক ফুলাম গামোচা, এটা স্মাৰক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। 


অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি আবৃত্তিকাৰ, অনাতাঁৰ ঘোষিকা তথা শিক্ষয়িত্ৰী পূৰবী শইকীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে চমু বক্তব্য দাঙি ধৰে। অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা আৰু বঁটা প্ৰাপক বৰাও ভাষণ দিয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত আয়ুক্ত পল্লৱী গগৈয়ে। অনুষ্ঠানৰ আৰম্ভণিতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়।


 নিবেদিতা গায়নে আঁতধৰা সভাখনত জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপৰিও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু ভালেসংখ্যক সাংবাদিকসকল  উপস্থিত থাকে।