মৰিগাঁও: চাইবাৰ অপৰাধীৰ ঘাটি হিচেপে পৰিচিত মৰিগাঁৱত এইবাৰ এক্সন মুডত আৰক্ষী। চাইবাৰ অপৰাধীৰ ঘাটিত অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী। 

চাইবাৰ অপৰাধৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত ১২ জনকৈ সন্দেহযুক্ত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শণিবাৰে নিশাৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত একেলগে অভিযান চলাই মৈৰাবাৰী, লাহৰীঘাট, মিকিৰভেটা আৰু ভেলৌগুৰী আৰক্ষী থানা এলেকাৰ পৰা আৰক্ষীয়ে অভিযুক্তকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম-জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন কৰা আৰক্ষীৰ বিশেষ দলটোৱে এই অভিযান চলায়। চাইবাৰ অপৰাধৰ সৈতে জড়িত অভিযোগ আৰু বিভিন্ন তথ্যৰ ভিত্তিত আৰক্ষীয়ে নিশাজোৰা অভিযান চলাই কেইবাটাও স্থানত তালাচী অভিযান অব্যাহত ৰাখে। অভিযানকালত বহু গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আছে মৈৰাবাৰী আৰক্ষী থানা এলেকাৰ আশ্ৰাফুল আলম, মিকিৰভেটা আৰক্ষী থানা এলেকাৰ ইকবাল হুছেইন আৰু ৰশিদুল ইছলাম, লগতে লাহৰীঘাট আৰক্ষী থানা এলেকাৰ আজাহৰুল ইছলাম, হাফিজ উদ্দিন, জিয়াৰুল ইছলাম, বাবুল ইছলাম, ইনামুল কৰিম, জয়দুল ইছলাম, মহিবুল ইছলামসহ মুঠ ১২ জন। আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই অভিযুক্তকেইজনক কৰায়ত্ত কৰাৰ পিছত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধৃত লোকসকলৰ পৰা নগদ ২ লাখ ২ হাজাৰ ৫০০ টকা, কেইবাখনো বেংক পাছবুক, স্বাইপ মেচিন, একাধিক ATM কাৰ্ড, ১৬টা মোবাইল ফোন, পাছপ’ৰ্ট, প্ৰিণ্টাৰৰ লগতে যথেষ্ট সংখ্যক সন্দেহজনক আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।

জব্দ কৰা সামগ্ৰীসমূহৰ ভিত্তিত আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত সম্ভাব্য আৰ্থিক লেনদেন আৰু অন্যান্য দিশসমূহৰ তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা মোবাইল ফোন, বেংক-সম্পৰ্কীয় নথি আৰু ইলেক্ট্ৰনিক সামগ্ৰীসমূহো পৰীক্ষা কৰি এই চক্ৰটোৰ সৈতে আন কোনো ব্যক্তি বা বৃহৎ নেটৱৰ্ক জড়িত আছে নেকি, সেই সন্দৰ্ভতো অনুসন্ধান চলোৱা বুলিও জানিব পৰা গৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১২ জনক প্ৰয়োজনীয় আইনগত প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰিছে। একেলগে ১২ জনকৈ চাইবাৰ অপৰাধীক কৰায়ত্ব হোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চাইবাৰ অপৰাধৰ বিৰুদ্ধে আগন্তুক দিনতো কঠোৰ অভিযান অব্যাহত থাকিব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।