মৰিগাঁও: সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো দেশভক্ত তৰুণ ৰাম খেলপথাৰত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন। অনুষ্ঠানত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত সৃষ্টি সিং  মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ স্বাধীনতা সংগ্ৰামী আৰু অমৰ শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত ‘শ্বহীদ তৰ্পণ’ কৰা হয়। 


ইয়াৰ পিছতে জিলা আয়ুক্তগৰাকীয়ে অংশগ্ৰহণকাৰী দলসমূহৰ কুচকাৱাজ অভিবাদন গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছত বিভিন্ন দলৰ সু-শৃংখলিত আৰু মনোমোহা মাৰ্চ পাষ্টে অনুষ্ঠানস্থলীত দেশপ্ৰেমৰ এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে।


নিজৰ ভাষণত জিলা আয়ুক্তগৰাকীয়ে স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্বাধীনতা দিৱসৰ তাৎপৰ্য আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত আলোকপাত কৰে। তেওঁ ঐক্য, সম্প্ৰীতি আৰু দেশসেৱাৰ মনোভাৱেৰে আগবাঢ়ি এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সৰ্বাংগীণ উন্নত অসম তথা ভাৰত গঢ়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰ সামূহিক দায়িত্বৰ কথা উল্লেখ কৰে। লগতে মৰিগাঁও জিলাৰ চলিত উন্নয়নমূলক কাৰ্যসূচী আৰু আগন্তুক দিনৰ সম্ভাৱনাৰ বিষয়েও আলোকপাত কৰে।


অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল বিভিন্ন অংশগ্ৰহণকাৰী দলৰ শৃংখলাবদ্ধ কুচকাৱাজ আৰু সেনা বাহিনীৰ বেণ্ডৰ মনোমোহা প্ৰদৰ্শন। ইয়াৰ সমান্তৰালভাৱে অসমৰ চহকী লোক-সংস্কৃতি, পৰম্পৰা আৰু বৈচিত্ৰ্যক প্ৰতিফলিত কৰি পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানে উপস্থিত ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰে।


দেশৰ স্বাধীনতা আৰু শ্বহীদসকলৰ ত্যাগক সোঁৱৰণ কৰি, ঐক্য আৰু গণতান্ত্ৰিক মূল্যবোধ অটুট ৰখাৰ লগতে দেশৰ উন্নয়ন আৰু প্ৰগতিত সক্ৰিয়ভাৱে অৰিহণা যোগোৱাৰ সংকল্পৰে মৰিগাঁৱত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় উদযাপনৰ সফল সামৰণি পৰে।