নগাঁও: নগাঁও জিলাৰ কাতিমাৰিস্থিত CRPF কেম্পত সংঘটিত এক ভয়ংকৰ গুলীয়াগুলীৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেম্পৰ ভিতৰতে সংঘটিত এই ঘটনাত মুঠ তিনিজনকৈ CRPF জোৱানৰ মৃত্যু হোৱাৰ লগতে আন এজন জোৱান গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হবলগীয়া হয়।
প্ৰাপ্ত তথ্য অনুসৰি, CRPFৰ ASI বল্লানি প্ৰেমাবৰমে নিজৰ অস্ত্ৰৰে গুলীচালনা কৰাত দুজন জোৱান নিহত হয়। নিহত জোৱান দুজন ক্ৰমে ৰামনাৱাল সিং যাদৱ আৰু বিষ্ণু প্ৰসাদ বাঘেল। এই গুলীচালনাৰ ঘটনাত গোবিন্দ শ্ৰিপুল নামৰ আন এজন জোৱান আহত হয়।
ঘটনাৰ পিছতে ASI বল্লানি প্ৰেমাবৰমে নিজকে গুলীয়াই আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে। ফলত এই ঘটনাত মুঠ তিনিজন জোৱানৰ মৃত্যু হয়।
গুলীবিদ্ধ হৈ আহত গোবিন্দ শ্ৰিপুলক ততাতৈয়াকৈ উদ্ধাৰ কৰি নগাঁৱৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমানে চিকিৎসালয়খনত তেওঁ চিকিৎসাধীন হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে এতিয়ালৈকে বিস্তৃত তথ্য প্ৰকাশ কৰা হোৱা নাই।
ইফালে, কেম্পৰ ভিতৰত কেনেকৈ আৰু কি কাৰণত এই ভয়ংকৰ গুলীয়াগুলিৰ ঘটনা সংঘটিত হ’ল, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। CRPFৰ উচ্চপদস্থ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
কাতিমাৰি CRPF কেম্পত সংঘটিত এই আকস্মিক আৰু মর্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে গুলীচালনাৰ ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁও জিলাতেই সৃষ্টি হৈছে ব্যপক চাঞ্চল্যৰ। কি কাৰণত চি আৰ পি এফ জোৱান জনে গুলীচালনা কৰিলে সেয়া তদন্তৰ পাচত হে পোহৰলৈ আহে