নগাঁও : বৰ্তমানৰ যুৱপ্ৰজন্মৰ উজ্জ্বল ভৱিষ্যত নিৰ্মাণৰ লক্ষ্যৰে গুণগত শিক্ষাৰ প্ৰসাৰ আৰু সমাজৰ পৰা ড্ৰাগছৰ বিষবাষ্প সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ উদ্দেশ্যৰে কালি ৰূপহী মহাবিদ্যালয়ত এক গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। "শিক্ষাৰ প্ৰসাৰ আৰু ড্ৰাগছ নিৰ্মূল" বিষয়ক উক্ত সজাগতামূলক কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে।
সভাত উপস্থিত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি জিলা আয়ুক্তই তেওঁৰ মনোগ্ৰাহী ভাষণত কয়, শিক্ষাই হ'ল সমাজ পৰিৱৰ্তনৰ মূল আধাৰ। ড্ৰাগছমুক্ত আৰু এক সুস্থ-সবল সমাজ গঢ়িবলৈ ছাত্ৰ-ছাত্ৰী আৰু যুৱপ্ৰজন্মই সজাগ হৈ শিক্ষাৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। শিক্ষাৰ জৰিয়তেহে আমাৰ সমাজখনক সকলো ধৰণৰ ব্যাধিৰ পৰা মুক্ত কৰি শুদ্ধ দিশত আগুৱাই লৈ যাব পৰা যাব।
সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ মনোজ কুমাৰ নাথৰ লগতে ইয়াৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।