নগাঁও : নগাঁও জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনি, বিশেষকৈ ‘জল জীৱন মিচন’ আদিৰ অগ্ৰগতিৰ খাতিয়ান লোৱাৰ উদ্দেশ্যে আজি বিভাগীয় মন্ত্ৰী কৃষ্ণেন্দু পালে নগাঁও জিলা ভ্ৰমণ কৰে। প্ৰথমে নগাঁৱত উপস্থিত হৈ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অংশগ্ৰহণ কৰি জিলাখনৰ জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় খোৱাপানী যোগান সেৱাসমূহৰ সু-সমন্বয় নিশ্চিত কৰা, সময়মতে সেৱা উপলব্ধ কৰা, বিভাগীয় কাৰ্যসূচীৰ দ্ৰুত ৰূপায়ণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ প্ৰাথমিকতাসমূহৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰে। 


​জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত আয়োজিত এই পৰ্যালোচনা বৈঠকত  মন্ত্ৰীগৰাকীয়ে 'পাৱাৰ পইণ্ট প্ৰেজেনটেচন' আৰু বিভাগীয় অভিযন্তাসকলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত আঁচনিসমূহৰ অগ্ৰগতিৰ বিতং পৰ্যালোচনা চলায়। আঁচনি ৰূপায়ণৰ অগ্ৰগতি আৰু ক্ষেত্ৰ পৰ্যায়ৰ অগ্ৰাধিকাৰ বিষয় সমূহৰ ওপৰত মন্ত্রী গৰাকীয়ে আলোচনা কৰে আৰু বিষয়াসকলক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এই বৈঠকতে মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাত অকাৰ্য্যক্ষম হৈ থকা পানী যোগান আঁচনি সমূহ অহা দহ দিনৰ ভিতৰত কায্যৰ্ক্ষম কৰি তুলিবলৈও বিভাগীয় বিষয়াসকলক জৰুৰী নিৰ্দেশনা প্ৰদান কৰে।


 বৈঠকত জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰিয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (অনাময়) মুখ্য অভিযন্তা পল্লৱ কুমাৰ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (পানী) মুখ্য অভিযন্তা ৰাম্য শৰ্মা, জিলাৰ অতিৰিক্ত আয়ুক্ত দিপাংকৰ বৰ্মন আৰু মৃদুল বড়ো, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলাখনৰ বিধায়কসকলৰ প্ৰতিনিধিসকলৰ লগতে সকলো খণ্ড উন্নয়ন বিষয়াসকল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।


সভাৰ পিছতে মন্ত্রী গৰাকী ধিঙলৈ গৈ কেবাটাও পানীযোগান আঁচনি পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়।