নগাঁও: আধুনিকতাৰ ধাখুমীয়াতো জীয়াই আছে মানৱতা। নিজৰ গা ‘ ৰ বস্ত্ৰ খুলি উলংগ মহিলাক পিন্ধাই মানৱতাৰ নিদৰ্শন দেখুৱালে এগৰাকী কলেজ অধ্যাপকে। ব্যস্ত নগাঁও বাইপাচত অসহায় অৱস্থাত ঘূৰি ফুৰা এগৰাকী মহিলাৰ প্ৰতি সহানুভূতি আৰু মানৱীয়তাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে নগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে। নিজৰ পিন্ধি থকা বস্ত্ৰ খুলি মহিলাগৰাকীক প্ৰদান কৰি অধ্যাপকগৰাকীয়ে দেখুৱালে মানৱতা এতিয়াও সমাজৰ মাজত জীয়াই আছে।
জানিব পৰা মতে, পুৱাৰ ভাগত বিশ্ববিদ্যালয়লৈ আহি থকা সময়তে নগাঁও বাইপাচত অধ্যাপক ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে এগৰাকী মহিলাক অসহায় অৱস্থাত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল। মহিলাগৰাকী সেই সময়ত বস্ত্ৰহীন অৱস্থাত আছিল। ব্যস্ত পথটোৰ মাজত এনে অৱস্থাত এগৰাকী মহিলাক দেখি অধ্যাপকগৰাকীয়ে বিষয়টো গুৰুত্বসহকাৰে লয়।
পিছত বিশ্ববিদ্যালয়ৰ কাম-কাজ সামৰি ঘৰলৈ উভতি অহাৰ সময়তো একেটা স্থানতে পুনৰ মহিলাগৰাকীক অধ্যাপকগৰাকীয়ে প্ৰত্যক্ষ কৰে। মহিলাগৰাকীৰ অসহায় অৱস্থা দেখি এইবাৰ তেওঁ নিজকে আঁতৰাই নাৰাখি মানৱীয় সহায়ৰ হাত আগবঢ়ায়। নিজৰ পিন্ধি থকা বস্ত্ৰই মহিলাগৰাকীক প্ৰদান কৰি তেওঁৰ দেহ ঢাকি দিয়াৰ ব্যৱস্থা কৰে।
অধ্যাপকগৰাকীৰ এই কাৰ্যই কেৱল এগৰাকী অসহায় মহিলাক সেই মুহূৰ্তত সহায় কৰাই নহয়, সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ কথাও সোঁৱৰাই দিলে। এগৰাকী অসহায় ব্যক্তিক সহায় কৰিবলৈ সদায় বৃহৎ সামৰ্থ্যৰ প্ৰয়োজন নহয়—প্ৰয়োজন মাথোঁ এখন সহানুভূতিশীল হৃদয় আৰু মানৱীয় মনোভাৱ।
আজিৰ দিনত বহু সময়ত অসহায় লোকক দেখি মানুহে কাষেৰে পাৰ হৈ যায়। কিন্তু অধ্যাপক ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে দেখুৱাই দিলে যে বিপদত পৰা এগৰাকী মানুহৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাটোৱেই প্ৰকৃত মানৱতা। নিজৰ পিন্ধা বস্ত্ৰ এৰি মহিলাগৰাকীৰ দেহ ঢাকি দিয়াৰ এই সৰু অথচ তাৎপৰ্যপূৰ্ণ পদক্ষেপটোৱে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।
অধ্যাপকগৰাকীৰ এই মানৱীয় পদক্ষেপক সচেতন মহলৰ লগতে স্থানীয় ৰাইজেও শলাগ লৈছে। এগৰাকী অসহায় মহিলাৰ প্ৰতি দেখুওৱা এই সহানুভূতি আৰু সহায়ৰ মনোভাৱ নিঃসন্দেহে সমাজত মানৱীয় মূল্যবোধ জীয়াই ৰখাৰ এক সুন্দৰ নিদৰ্শন।