নগাঁও : ডিজু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত বানপানীৰ প্ৰভাৱ পৰিছে। বুধবাৰে ডিজু নৈৰ পানী বৃদ্ধি পোৱাত মিছা (ডিজু বস্তি), চিয়ালেখাইটি, খালিহামাৰী, ভূমুৰাগুৰি, সোণাৰিবালি আৰু গাটাংগা আদি গাঁৱৰ বিভিন্ন নিম্নাঞ্চল বানপানীত প্লাৱিত হয়।
নৈৰ পানী বৃদ্ধি পোৱাৰ ফলত অঞ্চলসমূহৰ বহু নিম্নভূমিত বানপানী প্ৰৱেশ কৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি জলমগ্ন হৈ পৰিছে। বানপানীৰ ফলত কৃষকৰ খেতিপথাৰ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা দেখা দিছে। বিশেষকৈ ডিজু নৈৰ পাৰৰ মিছা অঞ্চলৰ ডিজু বস্তিৰ কিছুমান বাসগৃহ চাৰিওফালৰ পৰা বানপানীয়ে আগুৰি ধৰিছে। ফলত নদীপৰীয়া অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
বান পৰিস্থিতিৰ বুজ ল’বলৈ চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ ক্ষেত্ৰ বিষয়া (DM), লাট মণ্ডল আৰু সংশ্লিষ্ট গাঁও প্ৰধানসকলক লগত লৈ মিছা (ডিজু বস্তি)ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত বিষয়াসকলে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকাসমূহৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰে।
প্ৰশাসনৰ দলটোৱে বানপানীয়ে আগুৰি ধৰা বাসগৃহসমূহ, জলমগ্ন কৃষিভূমি আৰু নিম্নাঞ্চলসমূহ পৰিদৰ্শন কৰি বৰ্তমানৰ পৰিস্থিতিৰ মূল্যায়ন কৰে। লগতে প্ৰয়োজন অনুসৰি ক্ষতিগ্ৰস্ত লোকসকলক সহায়-সহযোগিতা আগবঢ়োৱাৰ বিষয়েও সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে।
ইফালে, ডিজু নৈৰ জলপৃষ্ঠ আৰু বান পৰিস্থিতিৰ ওপৰত চামগুৰি ৰাজহ চক্ৰ প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে। পৰৱৰ্তী সময়ত নৈৰ পানী অধিক বৃদ্ধি পালে যাতে কোনো ধৰণৰ জৰুৰী পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে পৰিস্থিতি নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আছে।
বৰ্তমানলৈকে বানপানীৰ ফলত কোনো লোকৰ হতাহত হোৱাৰ খবৰ পোৱা নাই যদিও নদীপৰীয়া আৰু নিম্নাঞ্চলত বসবাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। বান পৰিস্থিতিৰ পৰৱৰ্তী গতিপ্ৰকৃতিৰ ওপৰতো প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে।