নিউজ ডেস্ক: বানত সৰ্বস্বান্ত হোৱা উজনি অসমৰ বানাক্ৰান্তক বিশেষ পেকেজ প্ৰদানৰ দাবী উখাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।  আনকি বানাক্ৰান্ত ছাত্ৰ ছাত্ৰীকো বিশেষ ৰেহাই প্ৰদানৰো দাবী উখাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে।  মধ্য অসমৰ গুৰুত্বপূৰ্ণ নগাঁৱৰ কৃত্ৰি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে নগাঁত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি আচুৰ সভাপতি উৎপল শৰ্মাই বানৰ বিভীষিকাৰ বাবেই সদৌ অসম ছাত্ৰ সন্থাই শৈক্ষিক কাৰ্যসূচীৰ বাদে আন সকলো কাৰ্যসূচী স্থগিত ৰখা বুলি উল্লেখ কৰে। সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নগাঁও জিলাখনৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল লাভ কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হৈছে । কিন্তু সকলোৰে মনবোৰ সেমেকাঅসমৰ বৰ্তমান পৰিস্থিতিৰ কাৰণে।  তাৰ মাজতো এই ছাত্ৰ ছাত্ৰীসকলৰ মেধাক উদযাপন কৰা হৈছে আৰু নগাঁও জিলাখনৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মনৰ কথা ভগাই লবলৈ পাই আনন্দিত হৈছো।  আশা কৰিছো তেওঁলোক প্ৰত্যেকেই নগাঁৱৰে নহয় সমগ্ৰ ৰাজ্যখনৰ একো একো গৰাকী মানৱ সম্পদ হিচাপে গঢ় লব ধন্যবাদ। 


আছুৰ সভাপতিগৰাকীয়ে লগতে আৰু কয়, "শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট এই জিলা তিনিখনত যি বান আহিছে এয়া আচলতে মহাপ্ৰলয়, অসমে পূৰ্বে এনেকুৱা প্ৰলয় খুব কমেইহে দেখিছে এতিয়ালৈকে ৮৫ টা মৃতদেহ উদ্ধাৰ হৈছে,  বহু লোক নিখোজ হৈ আছে। বান কমাৰ লগে লগে মানুহবোৰ এতিয়া ঘৰলৈ ঘূৰি যাবলৈ বিচাৰিছে কিন্তু কাৰোবাৰ ঘৰখনেই নাই,  কাৰোবাৰ ঘৰখন আছে আচবাব নাই পশুধন সকলো নোহোৱা হৈ গৈছে। একে সময়তে  দুবছৰ তিনি বছৰ পৰ্যন্ত ভঁৰাল ভঁৰালৰ ধান তিতি নষ্ট হৈ গৈছে।  এই লোকসকলক যদি বিশেষ অৰ্থনৈতিক পেকেজ দিয়া নাযায় তেতিয়াহলে তেওঁলোকে জীৱনটো আৰু পুনৰ আৰম্ভ কৰাৰ কোনো অৱকাশেই নাথাকিব।  ছাত্ৰ ছাত্ৰী ব্যাপক ক্ষতি হৈছে। সেয়ে আমি চৰকাৰক জনোৱা দাবী কিছু কিছু দাবী মানি লোৱা দেখিছো । বান বিধ্বস্ত জিলা তিনিখনৰ কাৰণে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগিব। ঘৰ দুৱাৰবোৰৰ লগতে যিসমূহ শিক্ষানুষ্ঠানৰ ব্যাপক ক্ষতি হৈছে,  শিক্ষানুষ্ঠানসমূহ পুনৰ গঢ়ি তুলিব লাগিব পুনৰ শৈক্ষিক ব্যৱস্থাটো সঠিকভাৱে যাতে গঢ় লৈ উঠে সেই কথাটো চিন্তা কৰি আগবাঢ়িব লাগিব।" 


 উক্ত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উপস্থিত ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণামূলক ভাষণ প্ৰদান কৰে।